ETV Bharat / state

মাজুলীত আলি-আই-লৃগাঙৰ ব্যাপক প্ৰস্তুতি - Majuli

মিচিং অধ্যুষিত ৰাজ্যৰ সকলো প্ৰান্তৰ লগতে মাজুলীটো আৰম্ভ হৈছে লৃগাঙৰ প্ৰস্তুতি ৷ এই উপলক্ষে মিচিং বসতি প্ৰধান মাজুলীৰ গাঁৱে-ভূঁয়ে ডেকা-গাভৰু সকলে তেওঁলোকৰ পৰম্পৰাগত নৃত্য-গীতেৰে লৃগাঙৰ প্ৰস্তুতি আৰম্ভ কৰা দেখা গৈছে ৷

Extensive preparation of Ali-i-ligang in Majuli
মাজুলীত আলি-আই-লৃগাঙৰ ব্যাপক প্ৰস্তুতি
author img

By

Published : Feb 2, 2021, 9:35 PM IST

মাজুলী, 2 ফেব্ৰুৱাৰী : অসমৰ নদীৰপৰীয়া সভ্যতাৰ এটা উল্লেখ্যনীয় জনগোষ্ঠী হৈছে মিচিং জনগোষ্ঠী ৷ এই মিচিং লোক সকলৰ জাতীয় উৎসৱ হৈছে আলি-আই-লৃগাং ৷

ফগুণ মাহৰ প্ৰথমটো বুধবাৰ যিমানে ওচৰ চাপি আহিছে সিমানে মিচিং সমাজত শুনিবলৈ পোৱা গৈছে লৃগাঙৰ প্ৰতিধ্বনি ৷ কিয়নো অসমীয়া কেলেণ্ডাৰৰ মতে ফাগুণ মাহৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয় লোক সকলে পালন কৰে তেওঁলোকৰ জাতীয় উৎসৱ আলি আয় লৃগাং ৷

মিচিং অধ্যুষিত ৰাজ্যৰ সকলো প্ৰান্তৰ লগতে মাজুলীতো আৰম্ভ হৈছে লৃগাঙৰ প্ৰস্তুতি ৷ এই উপলক্ষে মিচিং বসতি প্ৰধান মাজুলীৰ গাঁৱে-ভূঁয়ে ডেকা-গাভৰুসকলে তেওঁলোকৰ পৰম্পৰাগত নৃত্য-গীতেৰে লৃগাঙৰ প্ৰস্তুতি আৰম্ভ কৰা দেখা গৈছে ৷ পোনচাতে ক'বলৈ গ'লে সম্পূৰ্ণ কৃষি ভিত্তিক আলি আয় লৃগাং পালনৰ বাবে এতিয়া আনন্দ মতলীয়া হৈছে মাজুলীৰ মিচিং সমাজ ৷

মাজুলীত আলি-আই-লৃগাঙৰ ব্যাপক প্ৰস্তুতি

উল্লেখ্য যে, অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয় লোকৰ উৎসৱ-পাৰ্ৱন সমূহ যিদৰে কৃষি ক্ষেত্ৰৰ লগত জড়িত থিক সেইদৰে মিচিং লোকৰৰ এই আলি আয় লৃগাঙো কৃষি ক্ষেত্ৰৰ লগত জড়িত ৷ মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আঃয়ে" মানে ফল আৰু "লৃগাং" মানে সিঁচিবলৈ আৰম্ভ কৰা ৷

অৰ্থাৎ মিচিং সকলে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে তেওঁলোকৰ খেতি পথাৰত শস্য সিঁচিবলৈ আৰম্ভ কৰে ৷ এই উপলক্ষে ফাগুণমাহৰ প্ৰথমটো বুধবাৰে মিচিং ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজভাত খাই নানান নৃত্য-গীতেৰে আলি আয় লৃগাং পালন কৰে ।

লগতে পঢ়ক: লকডাউনত কঠোৰ নিষেধাজ্ঞাৰ মাজতো ত্ৰিপুৰাত দুৰ্ঘটনাত 192 গৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.