জোনাই, 27 নৱেম্বৰ: সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা দেওবাৰে অনুষ্ঠিত হৈ যায় ৷ দক্ষিণ ভৈৰৱপুৰ দুৰ্গা মন্দিৰত অনুষ্ঠিত কৰা হয় এই সভাখন । সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি দীপক নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা সঞ্জয় নাথে ।
সভাত আগন্তুক 27, 28 আৰু 29 ডিচেম্বৰত কোকোৰাঝাৰ জিলাৰ ভূটিয়াপৰা খেলপথাৰত অনুষ্ঠিত হ'ব লগা সদৌ অসম নাথ যোগী ছাত্র সন্থাৰ কেন্দ্ৰীয় ত্ৰি-বাৰ্ষিক অধিৱেশন সন্দৰ্ভত আলোচনা কৰা হয় । সভাত উপস্থিত থাকি সদৌ অসম নাথ যোগী ছাত্র সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক যোগী অৰবিন্দ নাথে কয়, "দুদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লোৱা অধিবেশনখনৰ মুকলি সভাত উত্তৰ প্ৰদেশ, পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, তেলেংগানা, দিল্লীৰ প্ৰতিনিধি বৰ্গ উপস্থিত থাকিব আৰু সৰ্বভাৰতীয় স্তৰত এই অধিৱেশন অনুষ্ঠিত হ’ব ৷"
অধিৱেশনত সাত হাজাৰ নাথ-যোগী নাচনীয়ে জাতীয় কৃষ্টি প্ৰদৰ্শন কৰিব আৰু এক লাখৰো অধিক লোক সমবেত হ’ব বুলি জনায় ৷ ধেমাজি জিলাখনৰ পৰা কেন্দ্ৰীয় অধিৱেশনখনত অধিক সংখ্যক লোকক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ।সভাত সদৌ অসম নাথ যোগী সন্মিলনীৰ ধেমাজি জিলা সমিতিৰ সভাপতি কুশল নাথ, নাথ যোগী স্বায়ত্ব শাসন দাবী সমিতিৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰশিক নাথ, নাথ যোগী জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰাজেন্দ্ৰ নাথে বক্তব্য আগবঢ়ায় ।
সভাত নাথ যোগী জনগোষ্ঠীৰ জাতীয় সংগঠনৰ ধেমাজি জিলাৰ অন্তৰ্গত জোনাই, চিমেন চাপৰি, চিলাপথাৰ, ভৈৰৱপুৰ আঞ্চলিকৰ বহু সংখ্যক লোক উপস্থিত থাকে ।
লগতে পঢ়ক: আলি আয়ে লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণাৰ দাবীত সংবাদ মেল