মাজুলী, 11 জুন : মাজুলী জিলা সমাজ কল্যাণ বিভাগৰ (Majuli Social Welfare Department) প্ৰশংসনীয় পদক্ষেপ ৷ মাজুলী জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগে(Majuli Social Welfare Department) বিশেষভাৱে সক্ষম লোক সকলক কৰ'ণা প্ৰতিষেধক(Covid Vaccine) প্ৰদানৰ এক বিশেষ শিবিৰ অনুষ্ঠিত কৰে । মাজুলী গড়মূৰ পীতাম্বৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত ৫ খন পঞ্চায়তৰ ১৮ বছৰ উৰ্ধৰ শতাধিক দিব্যাংগ ব্যক্তিক কৰ'ণাৰ প্ৰথম পালি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰে।
উল্লেখ্য যে, অতিমাৰী কৰ’ণা (Corona) ৰ এই জটিল সময়ছোৱাত দিব্যাংগ সকলক কাল কৰ’ণাৰ পৰা বাছি থাকিবলৈ আৰু অন্য স্তৰৰ লোকৰ সমানে ক’ভিড যুদ্ধখনত যুঁজিবলৈ মাজুলী জিলা প্ৰশাসনৰ এই পদক্ষেপ । মাজুলী গড়মূৰ, চিলাকলা, কমলাবাৰী, পকাজৰা, ৰঙাচাহিৰত দিব্যাংগ লোকক প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিছে৷ অন্যহাতে যিসকল দিবাংগ লোক ঘৰৰ পৰা নিজে অহাৰ কোনো সুবিধা নাই সেই সকলক সমাজ কল্যাণ বিভাগৰ নিজা গাড়ীৰে ঘৰৰ পৰা অনাৰো দিহা কৰে ।
লগতে পঢ়ক : চিকিৎসালয়ৰ পৰা ক'ভিড ৰোগী নিৰুদ্দেশ হোৱাৰ আঁৰত কি আছে ৰহস্য ?