ETV Bharat / state

মাজুলীত ফুচ ফাচৰ ৰাম ঠগন ৰাইজক - গড়কাপ্তানী পথ

নিৰ্মীয়মান অৱস্থাতে জহি-খহি গৈছে পথ ৷ নিম্ন মানৰ বালি-শিল ব্যৱহাৰৰ বাবেই পথচোৱা ভাগি পৰাৰ অভিযোগ ৰাইজৰ ৷

মুখ্যমন্ত্ৰীৰ সমষ্টিত পথ নিৰ্মাণত দুৰ্নীতি !
author img

By

Published : Jun 29, 2019, 2:18 PM IST

মাজুলী,29 জুন: মাজুলীৰ মুদৈগাঁও-ধুৱাচেলা গড়কাপ্তানী পথ নিৰ্মাণত বিসংগতি সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ ৷ ৪.৫০ কোটি টকাৰ ব্যয় সাপেক্ষে গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণকাৰ্য চলি থকা প্ৰায় ৬ কিলোমিটাৰ ৬৬৫ মিটাৰৰ গড়কাপ্তানী পথচোৱা নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ ইপিনে নিৰ্মীয়মান পথচোৱাত নিম্ন মানৰ বালি-শিল ব্যৱহাৰ কৰাৰ বাবেই পথচোৱা ভাগি পৰাৰ অভিযোগ ৰাইজৰ ৷ ফুচ ফাচ কনষ্ট্ৰাকচন নামৰ নিৰ্মাণ সংস্থাটোৰ অধীনত চলি থকা এই কামত বিসংগতি হোৱাৰ সম্পৰ্কে স্থানীয় ৰাইজে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক জনাই আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷

মুখ্যমন্ত্ৰীৰ সমষ্টিত পথ নিৰ্মাণত দুৰ্নীতি !
ইফালে চাইড বান্ধ নিৰ্মাণ নকৰাৰ ফলত পুৱামৰ পৰা অফলামুখ ঘাটলৈ যোৱা মাথাউৰি অংশত হোৱা ব্যাপক ৰেইনকাটে নৱ নিৰ্মিত পথচোৱালৈ বিপদ মাটি আনিছে ৷ যদিও অতি দুৰ্ভাগ্যৰ বিষয় যে,একাংশ অভিযন্তা আৰু কৰ্মচাৰীয়ে কৰা দুৰ্নীতিৰ বাবেই পথচোৱাৰ নিৰ্মাণ কাৰ্যত ঘুণে ধৰা বুলি প্ৰকাশ কৰিছে ৰাইজে ৷

মুদৈগাঁও ধুৱাচেলা গড়কাপ্তানী পথ নিৰ্মাণত ব‍্যাপক বিসংগতি হোৱাৰ অভিযোগ ৰাইজৰ : নিম্নমানৰ  সামগ্ৰী ব্যৱহাৰ ।

  Into : অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৰ সবল নেতৃত্বত মাজুলীৰ একক উন্নয়ন  সম্ভৱ হৈ  উঠিছে যদিও  পথ নিৰ্মাণৰ ক্ষেত্ৰত একাংশ  ঠিকাদাৰ আৰু  বিভাগীয় বিষয়া, কৰ্মচাৰিয়ে   মিলি ৰাজহুৱা ধনৰ ব‍্যাপক লুন্ঠন চলোৱাৰ অভিযোগ উঠিছে  । শেহতীয়া কৈ পূৱ মাজুলীৰ অন্যতম ব্যস্ত পথ মুদৈগাঁৱৰ পৰা ধুৱাচলালৈ প্ৰায়  ৬ কিলোমিটাৰ ৬৬৫ মিটাৰৰ গড়কাপ্তানী পথটো প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধিনত প্ৰায় ৪.৫০ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মান কাৰ্য চলি আছে যদিও পথ নিৰ্মাণ ব্যপক অনিয়ম আৰু বিসংগতি হোৱাৰ অভিযোগ উঠিছে ৷ নিৰ্মিয়মান পথচোৱাত  নিম্ন মানৰ বালি ব্যৱহাৰ কৰাৰ লগতে   বিভাগীয় নিয়ম অনুসৰি ২০ এম এমৰ শিল ব্যৱহাৰ কৰিব লাগে যদিও পথটোত ৩০/ ৩৫ এম এম মিহলি শিল ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে সচেতন মহলে ৷  ফুচ ফাচ কনষ্টাকচন নামৰ নিৰ্মাণ সংস্থাটোৱে কৰি থকা এই কামত বিসংগতি হোৱাৰ সম্পৰ্কে স্থানীয় সচেতন মহলে বহুবাৰ বিভাগীয় কতৃপক্ষক জনাই আহিছে যদিও  বিয়াগোম গড়কাপ্তানী পথ বিভাগৰ বিষয়া সকলে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ সচেতন মহলৰ ৷ বিভাগীয় নিয়ম অনুসৰি ১০ মিটাৰ পথ অংশত ২৪ বেগ চিমেন্ত সহ শিল বালি মিহলাই কাম কৰিব লাগে যদিও এই বিভাগীয় নিয়মকো উলংঘা কৰি ১৮ ৰ পৰা ২০ বেগ চিমেন্ত ব্যৱহাৰ কৰাৰো তথ্য এক সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷ যাৰ ফলত পথটোৰ বহু স্থানত নিৰ্মীয়মান অৱস্থাতে ভাগি পৰা পৰিলক্ষিত হৈছে ৷ ইফালে চাইদবান্ধ নিৰ্মাণ নকৰাৰ ফলত পুঁৱামৰ পৰা অফলামুখ ঘাটলৈ যোৱা মাথাউৰি অংশত হোৱা ব্যাপক ৰেইনকাটে নৱ নিৰ্মীত পথটোলৈ বিপদ মাটি আনিছে ৷  অতি দুৰ্ভাগৰ বিষয় যে একাংশ অভিযন্তা আৰু কৰ্মচাৰী য়ে কৰা দূৰ্নীতিৰ বাবেই পথচোৱাৰ  নিৰ্মাণ কাৰ্যত ঘুনে ধৰা বুলি ৰাইজে প্ৰতিক্ৰীয়া প্ৰকাশ কৰিছে ৷ ৰাইজৰ আৱেগ অনুভুতি জড়িত হৈ থকা পথচোৱা ঠিকাদাৰে নিজৰ খেয়ালখুচি মতে নকৰি ৰাইজৰ সুবিধা হোৱাকৈ প্ৰাৰ্ককলন মতে কাম কৰাৰ   আহ্বান জনাইছে স্থানীয় জনসাধাৰণে   । মাজুলী জিলা প্ৰশাসন আৰু বিভাগী উচ্চ পদস্থ বিষয়াক  কামটোৰ গুণগত মানৰ ওপৰত তীক্ষ্ণ নজৰ দিবলৈ স্থানীয়  ৰাইজে অসম জাতীয়বাদী  যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছে অন্যথা  দূৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশিলতাৰ কথা কোৱা চৰকাৰ খনৰ ফুপুলা স্বৰূপ হে এই ঠিকাদাৰ আৰু  বিষয়া সকলে  উদঙাই দেখোৱাইছে বুলি সচেতন মহলে আক্ষেপ প্ৰকাশ  কৰিছে ৷ খোদ মূখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীত পথ নিৰ্মানত হৈ থকা দুৰ্নীতিৰ ক্ষেত্ৰত এতিয়া বিভাগীয় মন্ত্ৰী,  আমোলা, জনপ্ৰতিনিধীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া বৰ্তমান মাজুলী বাসীৰলবাবে লাখটকীয়া প্ৰশ্ন হৈ পৰিছে ৷ 

Bite: AJYCP1
Bite: AJYCP2
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.