ETV Bharat / state

Erosion effects Majuli: মাজুলীৰ খহনীয়া প্ৰতিৰোধত চৰকাৰৰ চূড়ান্ত অৱহেলা

খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত জলসম্পদ বিভাগ তথা চৰকাৰৰ অৱহেলাৰ বাবে মাজুলীৰ ৰাইজ শংকিত হৈ পৰিছে (Negligence of water resources department)। জিঅ' বেগ আঁচনিৰ ৰূপায়ণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ । আধাতে কাম সামৰিলে ঠিকাদাৰে ।

Erosion effects Majuli
মাজুলীৰ খহনীয়া প্ৰতিৰোধত চৰকাৰৰ চূড়ান্ত অৱহেলা
author img

By

Published : Mar 10, 2023, 12:28 PM IST

মাজুলীৰ খহনীয়া প্ৰতিৰোধত চৰকাৰৰ চূড়ান্ত অৱহেলা

মাজুলী,১০ মাৰ্চ : সাধাৰণ ৰাইজৰ জীৱনক লৈ হেতালি খেলিছে জলসম্পদ বিভাগে । এই অভিযোগ মাজুলীবাসীৰ । খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে হেমাহি কৰাৰো অভিযোগ কৰিছে মাজুলীৰ ৰাইজে (Negligence of water resources department)। আনহাতে ঠিকাদাৰে মইমতালি আৰু ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ বাবে ক্ষোভিত হৈ পৰিছে সাধাৰণ ৰাইজ ।

উল্লেখ্য যে প্ৰতিবছৰে বান আৰু খহনীয়াই মাজুলীৰ শ শ বিঘা ভূমিৰ ক্ষতি কৰিছে । ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে মাজুলীৰ বহু অঞ্চল । যাৰ বাবে খহনীয়া প্ৰতিৰোধ অতি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে নদী দ্বীপ মাজুলীৰ বাবে । বিভিন্ন সমীক্ষাত পোহৰলৈ আহিছে যে প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ খহনীয়াই সত্ৰ নগৰী মাজুলীক সংকুচিত কৰি আনিছে (Erosion in Majuli)।

সমান্তৰালভাৱে খহনীয়াগ্ৰস্ত অঞ্চলসমূহত প্ৰতি বছৰেই বিভিন্ন আঁচনিও ৰূপায়ণ কৰা হয় । কিন্তু সেই আঁচনিসমূহ সঠিক আৰু শুদ্ধভাৱে ৰূপায়ণ হোৱাৰ ক্ষেত্ৰত যেন বিভাগ আৰু ঠিকাদাৰসকলৰ সদ্ভাৱৰ অভাৱ । কাৰণ বৰ্তমানলৈকে কোনো আঁচনিয়েই মাজুলীৰ খহনীয়া ৰোধ কৰিব পৰা নাই (Corruption in anti erosion schemes)। বৰ্তমানো মাজুলীৰ নামনি অংশত সোৱণশিৰি নদীৰ খহনীয়া অব্যাহত আছে । ইফালে খহনীয়াক প্ৰতিৰোধৰ বাবে প্ৰায় ১০ কোটি টকীয়া জিঅ' বেগৰ আঁচনি ৰূপায়ণ কৰা হৈছিল যদিও চূড়ান্ত গাফিলতিৰ অভিযোগ উঠিছে ।

গাঁওবাসীৰ অভিযোগ অনুসৰি আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে । আঁচনিৰ কাম শেষ নোহোৱাকৈয়ে আধাতে কাম সামৰি ঠিকাদাৰ পক্ষই সেই স্থান ত্যাগ কৰিছে । যাৰ বাবে কৰতিপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মিছামৰা গাঁৱৰ সন্মুখ ভাগত ৰূপায়ণ কৰা জিঅ' বেগৰ আঁচনিক লৈ ক্ষোভিত হৈ পৰিছে গাঁওবাসী (Public protest demanding prevention of erosion)। গাঁওখনৰ ৰাইজৰ অভিযোগ কোনো দিনে আঁচনিৰ কাম চাবলৈ অহা নাই অভিযন্তা ।

আনহাতে মইমতালিৰে জিঅ' বেগৰ কাম কৰিছে ঠিকাদাৰ পক্ষই । ৰাইজৰ অভিযোগ এনে ধৰণৰ পালমৰা কামে সুৰক্ষা দিব নোৱাৰে মিছামৰা-চেৰেপাইখোৱা আদি অঞ্চলৰ ৰাইজক । ফলত শংকিত হৈ পৰিছে ৰাইজ । আনহাতে জলসম্পদ বিভাগে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ ।

লগতে পঢ়ক :Chirang Congress protest in front of SBI: বিজেপি নেতৃত্বাধীন তৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ চিৰাং কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.