ETV Bharat / state

অনিশ্চিত ভৱিষ্যতৰ দিশে নদীদ্বীপ মাজুলী - ব্ৰহ্মপুত্ৰ ব’ৰ্ড

নামনি মাজুলীৰ চামগুৰিত ভয়াৱহ খহনীয়া । উপায়ন্ত হৈ 6 টা পৰিয়ালে ভাঙিলে আপোন ঘৰখন । খহনীয়াগ্ৰস্তই বন্তী-ধূপ জ্বলাই জুৰিলে কাকূতি ঘোষা । আনকি খহনীয়া প্ৰতিৰোধৰ দাবীত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ কনিষ্ঠ অভিযন্তাক ঘেৰাও কৰিলে উত্তেজিত ৰাইজে ।

brahamputra eroison at majuli
অনিশ্চিত ভবিষ্যতৰ দিশে নদীদ্বীপ মাজুলী
author img

By

Published : Jul 5, 2021, 9:48 PM IST

মাজুলী, 5 জুলাই : নদীদ্বীপ জিলা মাজুলীৰ নামনি মাজুলীলৈ নামিছে অশনি সংকেত ৷ গৰাখহনীয়াৰ ক’বলত পৰিছে ঐতিহাসিক মাজুলী ৷ নদীদ্বীপ মাজুলীৰ নামনি মাজুলী কৰতিপাৰ পঞ্চায়তৰ অন্তৰ্গত চামগুৰিত ভয়াবহ খহনীয়া ।

খহনীয়াত জাহ গ’ল ব্ৰহ্মপুত্ৰ ব’ৰ্ডে ৰূপায়ন কৰা ২৩৭ কোটি টকীয়া জিঅ’ বেগৰ আঁচনি । খহনীয়াৰ কবলত পৰি 6টা পৰিয়ালে সপোনৰ ঘৰ খন নিজ হাতে ভাঙি পেলালে ৷ অনকি তালি-টোপোলা বান্ধি মাজুলীৰ 6টা পৰিয়াল নিজ স্থান এৰি যাবলৈ বাধ্য হ’ল অন্য স্থানলৈ ৷ এক প্ৰকাৰে আপোন ঘৰখন ভাঙি অনিশ্চিত ভৱিষ্যতৰ দিশে মাজুলীৰ খহনীয়াগ্ৰস্ত লোকসকল ।

নেদেখা জনেই শেষ ভৰষা হৈ পৰিছে মাজুলীবাসীৰ বাবে ৷ খহনীয়া প্ৰতিৰোধ নোহোৱাৰ ফলত খহনীয়া গ্ৰস্তই নদীৰ পাৰত ধূপ তথা বন্তী জ্বলাই কাকূতি ঘোষা জুৰি নেদেখা জনৰ ওচৰত শৰণাপন্ন হৈছে ।

আনহাতে, সোমবাৰে ভৰবাৰিষাৰ ফলত অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ বাবে ফেৰীৰে পাৰ্কুপাইন কেইটামান লৈ উপস্থিত হৈছিল ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ কনিষ্ঠ অভিযন্তা জনৈক কুলি ৷ কিন্তু খৰ্গগ্ৰস্ত ৰাইজে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ কনিষ্ঠ অভিযন্তা গৰাকী ঘেৰাও কৰি বিভিন্ন প্ৰশ্ন বাণেৰে থকা সৰকা কৰে । ৰাইজৰ ক্ষোভৰ ওচৰত নিমাতি কন্যাৰ দৰে হৈ পৰে অভিযন্তা গৰাকী । এনেদৰে এতিয়া বাৰিষাৰ আৰম্ভণিতে মাজুলীৰ নৈ পৰীয়াৰ নাজল নাথল অৱস্থা হৈছে ।

অনিশ্চিত ভবিষ্যতৰ দিশে নদীদ্বীপ মাজুলী

উল্লেখ্য যে, ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হিচাপে প্ৰসিদ্ধ মাজুলীৰ সমৃদ্ধশালী সাংস্কৃতিক-আধ্যাত্মিক ঐতিহ্য বিস্তাৰিত কৰাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা ল’ব পৰাকৈ নিৰ্মাণ কৰা হৈছিল মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় ৷ কিন্তু মাজুলীৰ প্ৰস্তাৱিত সাংস্কৃতিক বিশ্ববিদ্যালয়খন স্থাপন হোৱাৰ পূৰ্বেই বিশ্ববিদ্যালয়ৰ নামত আৱণ্টিত ১০২ বিঘা মাটিৰ ৫০ বিঘা ভূমি ইতিমধ্যে জাহ গৈছে লুইতৰ বুকুত । মাজুলী জিলাৰ লুহিত নদীৰ দক্ষিণ দিশে আছে প্ৰস্তাৱিত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ১০০ বিঘা ভূমি । ইয়াৰে গড়মূৰ নগৰৰ নিচেই কাষতে থকা সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ভূমিখণ্ড নদীৰ বুকুত জাহ গৈছে ।

নদীৰ এই ভয়াবহ খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত জলসম্পদ বিভাগে বৰ্তমানেও কোনো প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । ফলত এতিয়াও বিঘাই বিঘাই ভূমি জাহ গৈ আছে লুইতৰ প্ৰৱল খহনীয়াত । আনকি সোমবাৰে সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ডম্বৰুধৰ নাথে নিজেই খহনীয়া থলীত উপস্থিত হৈ বুজ লয় খহনীয়াৰ ।

প্ৰাকৃতিক মনোৰম সৌন্দৰ্যৰ মাজত লুইতৰ দুয়োকাষে পৰিকল্পনা কৰা হৈছিল সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ । কিন্তু প্ৰস্তাৱিত বিশ্ববিদ্যালয় খনৰ নিৰ্মাণ নৌহওঁতেই যি ধৰণে খহনীয়া আৰম্ভ হৈছে, তাক প্ৰতিৰোধৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ নকৰিলে সাংস্কৃতিক বিশ্ববিদ্যালয়খন নিৰ্মাণৰ পূৰ্বেই বিশ্ববিদ্যালয়ৰ নামত আৱন্টিত ভূমিখণ্ড সম্পূৰ্ণৰূপে জাহ যাব ৷ তাৰোপৰি এই খহনীয়াই ভয়াৱহ স‌ংকট কঢ়িয়াই আনিব মাজুলীৰ সদৰ গড়মূৰলৈকো ।

লগতে পঢ়ক: স্থাপনৰ পূৰ্বেই ভূমিহীন হ’ল মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.