ETV Bharat / state

পাহি-পৰী প্ৰকাশৰ সাতখন গ্ৰন্থ উন্মোচন - গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান

হি-পৰী প্ৰকাশৰ উদ্যোগত অনুষ্ঠিত সভাখন বন্তিপ্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দ্বীজেন শইকীয়াই আৰু সঞ্চালনা কৰে মাজুলী আউনিআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা বিশিষ্ট কবি ডিম্বেশ্বৰ ভূঞাই ।

books-inougration-program
পাহি-পৰী প্ৰকাশৰ সাতখন গ্ৰন্থ উন্মোচন
author img

By

Published : Dec 14, 2020, 10:43 PM IST

মাজুলী, 14 ডিচেম্বৰ: মাজুলীৰ ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সোমবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলাখনৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী পাহি- কুহি প্ৰকাশৰ সাতখন উল্লেখযোগ্য গ্ৰন্থ সাতগৰাকী বৰেণ্য ব্যক্তিয়ে উন্মোচন কৰে । পাহি-পৰী প্ৰকাশৰ উদ্যোগত অনুষ্ঠিত সভাখন বন্তিপ্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দ্বীজেন শইকীয়াই আৰু সঞ্চালনা কৰে মাজুলী আউনিআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা বিশিষ্ট কবি ডিম্বেশ্বৰ ভূঞাই ।

পাহি-পৰী প্ৰকাশৰ সাতখন গ্ৰন্থ উন্মোচন

সভাখনৰ প্ৰথমখন গ্ৰন্থ জয়ন্ত হাজৰিকাৰ "ত্ৰিভাষিক সংখ্যা পৰিচয়" উন্মোচন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা মাজুলী জিলা সাংবাদিক সন্থাৰ উপদেষ্টা বিপিন শইকীয়াই ৷ দ্বিতীয়খন গ্ৰন্থ জয়ন্ত হাজৰিকাৰ "ওপঙা মাটি" উন্মোচন কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ বিশিষ্ট কবি ড৹ দেৱজিৎ শইকীয়াই ৷ তৃতীয়খন গ্ৰন্থ জয়ন্ত হাজৰিকাৰ "মহাৰথী সময়" উন্মোচন কৰে গড়মূৰ পীতাম্বৰ দেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গুণমনি নাথে ৷

চতুৰ্থখন গ্ৰন্থ জয়ন্ত হাজৰিকাৰ "ত্ৰিভাষিক বৰ্নমালা" উন্মোচন কৰে গড়মূৰ পীতাম্বৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট সমাজকৰ্মী ৰেনুমালা দত্তই ৷ পঞ্চমখন গ্ৰন্থ জুনু তামুলীৰ "আইৰ মুখৰ ৰসাল বাণী" উন্মোচন কৰে শিক্ষয়িত্ৰী অনিমা শইকীয়াই ৷ ষষ্ঠখনগ্ৰন্থ জুনু তামুলীৰ "জীৱন এষনা" উন্মোচন কৰে ঢকুৱাখানা নিবাসী বিশিষ্ট কবি ৰাজীব তামুলীয়ে আৰু সপ্তমখন গ্ৰন্থ লাহৰী মেধিৰ "লাহৰী বিহুগীত" উন্মোচন কৰে মাজুলী জিলা সাহিত্য সভাৰ সভাপতি বিশিষ্ট সাংবাদিক ৰঞ্জিত কুমাৰ ভূঞাই ।
লগতে পঢ়ক: মহানগৰীত গাড়ী বিক্ৰেতা প্ৰতিষ্ঠানত পৰিবহন বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.