ETV Bharat / state

প্ৰথমবাৰৰ বাবে মাজুলীত অনুষ্ঠিত হ'ল নৌকাচালনা প্ৰতিযোগিতা - 2021 ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ভোটাৰ সজাগতামূলক কাৰ্যসূচী

মাজুলীত পোনপ্ৰথমবাৰৰ বাবে দেশীয় নৌকাচালনা প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাত মাজুলীৰ বিভিন্ন ঠাইৰ মুঠ 14 টা দলৰ অংশগ্ৰহণ ৷ 2021 ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ভোটাৰ সজাগতামূলক কাৰ্যসূচীৰ অংশ হিছাপে প্ৰতিযোগিতাখনৰ আয়োজন ৷ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সহযোগত মাজুলী জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে প্ৰতিযোগিতাখনৰ আয়োজন কৰে ৷

boating competition in majuli
মাজুলীত নৌকাচালনা প্ৰতিযোগিতা
author img

By

Published : Jan 10, 2021, 6:55 PM IST

মাজুলী, 10 জানুৱাৰী : প্ৰথমবাৰৰ বাবে মাজুলীত আয়োজন কৰা হ'ল দেশীয় নৌকাচালনা প্ৰতিযোগিতা ৷ আগন্তুক অসম বিধানসভা নিৰ্বাচন-2021 ৰ বাবে ভোটাৰ সজাগতামূলক কাৰ্যসূচী 'ছুইপ' (এছভিইইপি) ৰ অংশ হিছাপে মাজুলী জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে (এছভিইইপি কোষ) জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সহযোগত দেওবাৰে মাজুলীত পোনপ্ৰথমবাৰৰ বাবে নৌকাচালনা প্ৰতিযোগিতাখনৰ আয়োজন কৰে ৷

2021 ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ভোটাৰ সজাগতামূলক কাৰ্যসূচীৰ অংশ হিছাপে প্ৰতিযোগিতাখনৰ আয়োজন

নামনি মাজুলীৰ চেলেকঘাটত আয়োজিত আকৰ্ষণীয় দেশীয় নৌকাচালনা প্ৰতিযোগিতা খনত মাজুলীৰ বিভিন্ন ঠাইৰ 14 টা দলে অংশগ্ৰহণ কৰে ৷ জানিব পৰা মতে ক্ৰীড়ানুৰাগী লোক আৰু পৰ্যটক তথা জিলাবাসী ৰাইজৰ উপস্থিতিত দেওবাৰে পুৱা 11 বজাৰ পৰা এই নৌকা প্ৰতিযোগিতা খন আৰম্ভ হয় ৷

boating competition organized for the first time in majuli
18 উৰ্ধৰ ভোটাৰক আকৃষ্ট কৰাৰ বাবে জিলা প্ৰশাসনে সজাই তোলে বিশেষ চেল্ফি পইন্ট

দেওবাৰে অনুষ্ঠিত এই প্ৰতিযোগিতাত মাজুলী জিলা প্ৰশাসনৰ বহু কেইগৰাকী বিষয়া উপস্থিত থাকে ৷ উক্ত নৌকা প্ৰতিযোগিতাখনতেই 18 উৰ্ধৰ ভোটাৰক আকৃষ্ট কৰাৰ উদ্দেশ্যে মাজুলী জিলা প্ৰশাসনে এক বিশেষ চেল্ফি পইন্ট সজাই তোলাও পৰিলক্ষিত হয় ৷

লগতে পঢ়ক:ডিব্ৰুগড়ৰ লাৰুৱাত ব্ৰহ্মপুত্ৰৰ মথাউৰি নিৰ্মাণত কেলেংকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.