মাজুলী, 5 ফেব্ৰুৱাৰী : প্ৰকৃতিৰ অনন্য সৃষ্টি মাজুলী । বৰলুইতৰ বিশাল বুকুৰ মাজত ওপঙি থকা জৈৱ বৈচিত্ৰৰ বিশাল সমাহাৰৰ ক্ষেত্ৰ এই মাজুলী । লুইতে গঢ়া মাজুলী বিভিন্ন সম্ভাৱনাৰ ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে । খাল,বিল,জলাশয় আদিৰ সমাহাৰেৰে গঠিত মাজুলীৰ প্ৰাকৃতিক পৰিৱেশ বিশ্বৰ অন্য বহু প্ৰান্তৰ তুলনাত একক আৰু অনন্য ।
সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, তুলনামূলকভাৱে যথেষ্ট কম প্ৰদূষণ যুক্ত আৰু কোলাহল পূৰ্ণ অঞ্চল হোৱা বাবে প্ৰায়েই দেশী-বিদেশী পক্ষীৰ আগমন ঘটে মাজুলীত ৷ সেয়ে এতিয়া মাজুলীৰ এই নিৰিবিলি পৰিবেশত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে শীতখোৱা বিদেশী পক্ষী(Migratory birds coming to assam) ৷ মাজুলীৰ আদ্ৰভূমি,জলাশয়,চৰ-চাপৰিৰ ঘাহনীত বিভিন্ন বিদেশী পক্ষীৰ আগমন হয় শীতৰ সময়ত । সেয়ে এই সময়ছোৱাত দেশী- বিদেশী পৰ্যটকে প্ৰকৃতিৰ এই অপৰূপ সৌন্দৰ্যতা উপভোগ কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হয় ৷
সম্প্ৰতি মাজুলীত এতিয়া দেখিবলৈ পোৱা গৈছে এবিধ বিশেষ পক্ষী ৷ প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি ,সুন্দৰ আকৰ্ষণীয় ,আৰু প্ৰশংসনীয় এইবিধ পক্ষী হৈছে Common Crane অসমীয়াত ইয়াক কনুৱা কৰ্ছন বুলিও কোৱা হয়(Black necked crane visits Assam) ৷ ইউৰোপৰ এই পক্ষীবিধ এতিয়া মাজুলীৰ নিৰিবিলি পৰিবেশত সঘনে দেখিবলৈ পোৱা গৈছে (common crane visits Assam) । সাধাৰণতে পক্ষীবিধ জনাঞ্চলৰ পৰা দূৰৈত নিৰল ঠাইত বিচৰন কৰে । ১৫ টাকৈ এই পক্ষীবিধৰ প্ৰজাতি থকাৰ বিপৰীতে সকলোতকৈ দূৰত্ব লৈ উৰি যাব পাৰে । এই পক্ষীবিধৰ দৈঘ্য হৈছে ১১০ ছেন্টিমিটাৰৰ পৰা ১৩০ ছেন্টিমিটাৰ । মতা চৰাই বিধ সাধাৰণতে মূৰটো কলা, পাখি নেজৰ বৰণ ৰঙা ৰঙৰ হোৱাৰ লগতে কলা দাগৰ হয় ৷
প্ৰৱজ্ৰন কাৰী এই চৰাই বিধে কীট পতংগ,আৰু শস্য জাতীয় খাদ্য আদি ভক্ষণ কৰে । মাজুলীত আন আন প্ৰৱজ্ৰনকাৰী চৰাই লগতে এইবিধ প্ৰকৃতিৰ অনুপম সৃষ্টি চৰাই বিধো মাজুলীলৈ আগমন হৈছে । আৰু এই পক্ষীবিধক চাবলৈ এতিয়া অঞ্চলটোৰ স্থানীয় ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : শীতকালৰ আগমনৰ লগে লগে পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলী হিচাপে পৰিণত চেখা হ্ৰদ