ETV Bharat / state

Attempt to Rape case, মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীক ধৰ্ষণৰ চেষ্টা দুই লম্পটৰ - মাজুলী আৰক্ষী

কোন দিশে আমাৰ নৱপ্ৰজন্ম ? মাজুলীৰ সংঘটিত হৈছে নিৰ্লজ্জ ঘটনা ৷ মাজুলীৰ কমলাবাৰীৰত মানসিক বিকাৰগ্ৰস্ত এগৰাকী যুৱতী ধৰ্ষণৰ চেষ্টা কৰে দুই লম্পটে (Attempted rape of mentally disturbed girl)৷

Physically Handicapped girl try to attempt Rape in Majuli
মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীক ধৰ্ষণৰ চেষ্টা দুই লম্পটৰ
author img

By

Published : Aug 12, 2022, 9:13 PM IST

Updated : Aug 13, 2022, 12:47 PM IST

মাজুলী, 12 আগষ্ট: মাজুলীত সংঘটিত হৈছে এক জঘন্য ঘটনা ৷ মাজুলীৰ কমলাবাৰীৰত মানসিকভাৱে বিকাৰগ্ৰস্ত এগৰাকী যুৱতীক ধৰ্ষণৰ চেষ্টা কৰে দুই লম্পটে (Attempted rape of mentally disturbed girl)৷ ঘটনা অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া মাজুলী আৰক্ষীয়ে তথ্য লাভ কৰিছিল যে দুজন যুৱকে এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীক জোৰ কৰি অসৎ অভিপ্ৰায়েৰে উঠাই লৈ গৈছিল ৷

আৰক্ষীয়ে এই তথ্য লাভ কৰাৰ পিছতে মাজুলীৰ অফলামুখ ঘাটৰ পৰা দুই যুৱকক বাইকসহ আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে আটক কৰা যুৱক দুজনক সোধ-পোছ কৰাৰ পিছতেই সিহঁতৰ ভাষ্যৰ ভিত্তিত যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আটকাধীন লম্পট দুটা হৈছে সঞ্জীৱ দাস (সৰু ল'ৰা) আৰু ৰাজ দাস (ডেমফুল দাস) (Two accused arrested)৷

মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীক ধৰ্ষণৰ চেষ্টা দুই লম্পটৰ

শুকুৰবাৰে মাজুলী আৰক্ষীয়ে (Majuli Police) মূল অভিযুক্ত সঞ্জীৱ দাসক আদালতত কৰালে হাজিৰ । আনহাতে জেৰাৰ অন্তত এই ঘটনাৰ সাক্ষী হিচাপে ৰাজ দাস নামৰ আটকাধীন আনজন যুৱকক প্ৰক্ষেপ কৰিছে আৰক্ষীয়ে ৷ দুই লম্পটৰ ঘৰ মাজুলীৰ দক্ষিণপাট কৈৱৰ্ত গাঁৱত বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে যুৱতীগৰাকীৰ পৰিয়ালে মাজুলী থানাত ৪৪/২২, ৩৭৬ (1) 4Posco act ধাৰা অধীনত এটা গোচৰ ৰুজু কৰিছে ৷

এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে মাজুলীত ৷ বৰ্তমানলৈ যুৱতীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ ৰিপোৰ্ট আহি পৰা নাই ৷ ৰিপোৰ্ট অহাৰ পিছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব বুলি মন্তব্য প্ৰকাশ কৰে মাজুলী আৰক্ষীয়ে ৷

লগতে পঢ়ক: Labour shot dead: কাশ্মীৰত সন্দেহজনক সন্ত্ৰাসবাদীৰ গুলীত নিহত বিহাৰৰ শ্ৰমিক

Last Updated : Aug 13, 2022, 12:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.