ETV Bharat / state

কৰ'ণা ভাইৰাছকলৈ আতংকিত সত্ৰনগৰী মাজুলী !

author img

By

Published : Mar 7, 2020, 8:25 PM IST

কৰ'ণা ভাইৰাছৰ বাবে আতংকিত সত্ৰনগৰী মাজুলীবাসী ৷ কিছুদিন পূৰ্বে সুদূৰ আমেৰিকাৰ পৰা সত্ৰনগৰী ভ্ৰমণৰ উদ্দেশ্যে মাজুলীলৈ আহিছিল এজন পৰ্যটক ৷ পৰ্যটকজনে অসমৰ পৰা ভূটানলৈ যোৱা সময়তে পৰ্যটক গৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পাচতে শংকিত হৈছে মাজুলীবাসী ৷ এই সন্দৰ্ভত শনিবাৰে এখন উচ্চস্তৰীয় সভা আয়োজন কৰে জিলা উপায়ুক্তই ৷

মাজুলী
কৰ'ণা ভাইৰাছকলৈ আতংকিত সত্ৰনগৰী মাজুলী!

মাজুলী, 7 মাৰ্চঃ সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰিছে কৰ'ণা ভাইৰাছে । বিশ্ব স্বাস্থ্য সংস্থাই এই ভাইৰাছক সৰ্বসন্মতিক্ৰমে নামকৰণ কৰিছে COVID-19 নামেৰে ৷ এই COVID-19ৰ সংক্ৰমণক লৈ আতংকিত হৈছে মাজুলীবাসী ৷ কাৰণ কিছুদিন পূৰ্বে সুদূৰ আমেৰিকাৰ পৰা সত্ৰনগৰী ভ্ৰমণৰ উদ্দেশ্যে মাজুলীলৈ আহিছিল এটি দল ৷ দলটোৱে মাজুলীৰ গড়মূৰ সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰ, আউনিআটী সত্ৰকে ধৰি বিভিন্ন স্থান ভ্ৰমণ কৰে ৷ এই দলটোৰে এজন পৰ্যটকৰ দেহত শুকুৰবাৰে ভূটানত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ যাৰ ফলত তৎপৰ হৈ পৰিছে মাজুলী জিলা প্ৰশাসন । এই বিষয় সন্দৰ্ভতেই শনিবাৰে এখন উচ্চস্তৰীয় সভা আয়োজন কৰে জিলা উপায়ুক্তই ৷

কৰ'ণা ভাইৰাছকলৈ আতংকিত সত্ৰনগৰী মাজুলী!

আনহাতে, আমেৰিকাৰ পৰ্যটকগৰাকীৰ গাইড হৈ কাম কৰা যুৱকজনক স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় যোৰহাটলৈ ৷ শনিবাৰে মহাবাহুৰে এটা পৰ্যটকৰ দলে উত্তৰ কমলাবাৰী সত্ৰ ভ্ৰমণ কৰাৰ কথা আছিল যদিও কাৰ্যসূচী বাতিল কৰে পৰ্যটক বিভাগে ৷

উল্লেখ্য যে, সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ মাজুলী লৈ বিভিন্ন সময়ত বিশ্বৰ ভিন্ন ঠাইৰ পৰা পৰ্যটকৰ আগমন ঘটে ৷ সেয়হে বিশ্ব ব্যাপী ত্ৰাসৰ সৃষ্টি কৰা COVID-19ৰ বাবে মাজুলীলৈ যোৱা ফেৰীঘাট সমূহৰ লগতে জিলাখনৰ চিকিৎসালয়সমূহত উপযুক্ত সজাগতামূলক ব্যৱস্থা স্বাস্থ্য বিভাগে লোৱা উচিত বুলি মন্তব্য কৰে সচেতন মহলে ৷

আৰু পঢ়কঃ ফাঁচীবজাৰত নাই ফাকুৱাৰ উচাহ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.