ETV Bharat / state

মাজুলীত সদৌ অসম ভাওনা সমাৰোহ - সদৌ অসম ভাওনা সমাৰোহ

মাজুলীত সদৌ অসম ভাওনা সমাৰোহ ২০২০ৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ৷ দুহেজাৰ গৰাকী নামতিৰ নামৰ ধ্বনিৰে মুখৰিত হ'ব মণিকাঞ্চন ৰংগ ক্ষেত্ৰ ৷ উন্মোচন হ'ব দহ হেজাৰ নামঘৰৰ ইতিবৃত্ত সম্বলিত গ্ৰন্থ ৷

8th asom bhaona samaroh at majuli
মাজুলীত সদৌ অসম ভাওনা সমাৰোহ
author img

By

Published : Jan 18, 2020, 8:31 PM IST

মাজুলী,18 জানুৱাৰীঃ ২০০৬ চনৰ পৰা প্ৰতি দুবছৰৰ অন্তত অনুষ্ঠিত হৈ আহিছে অসম ভাওনা সমাৰোহ ৷ এইবাৰ অষ্টম বৰ্ষৰ অসম ভাওনা সমাৰোহ অনুষ্ঠিত হ'ব মাজুলীৰ আউনীআটী সত্ৰৰ সমীপৰ মনিকাঞ্চন ৰংগক্ষেত্ৰত ৷ ইতিমধ্য এই সমাৰোহৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে মাজুলীবাসীয়ে ৷ ১৯ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'বলগীয়া সমাৰোহখনিত মুঠ ২৮ খন ভাওনা প্ৰদৰ্শিত হ'ব। প্ৰতিদিনে ভাওনা উদ্বোধন কৰিব সংগীত শিল্পী অংগৰাগ মহন্ত, বিশিষ্ট বোলছবি অভিনেতা যতীন বৰা প্ৰমুখ্যে বহু কেইজন বিশিষ্ট শিল্পী , সাংস্কৃতিক কৰ্মী, সমাজকৰ্মী, তথা সত্ৰাধিকাৰে। ভাওনা সমাৰোহৰ শেষৰ দিনা " ভাওনা ৰত্ন" " ভাওনা মহিয়ান" আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ২০ গৰাকী সাহিত্য,সংস্কৃতি,কলা সাধকক সম্বৰ্ধনা জনোৱা হ'ব । এই সমাৰোহতে অসমৰ বিভিন্ন ঠাইৰ দহ হেজাৰ নামঘৰৰ ইতিহাস সম্বলিত "নামঘৰৰ ইতিহাস পৰিচয়" নামৰ গ্ৰন্থ খনৰ প্ৰথম খণ্ড উন্মোচন হ'ব।

মাজুলীত সদৌ অসম ভাওনা সমাৰোহ

সমাৰোহৰ কাৰ্যসূচী অনুসৰি ১৯ ফেব্ৰুৱাৰীৰ ৮-৩০ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি ড৹ পীতাম্বৰ দেৱগোস্বামীয়ে। ৯ বজাত মনিকূটৰ দ্বাৰ মুকলি আৰু নাম প্ৰসংগ কাৰ্যসূচী। ১০ বজাত প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিব মাজুলী জিলাৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে। ভোজনালয়ৰ দ্বাৰ উদঘাটন কৰিব ডিব্ৰুগড়ৰ বিশিষ্ট চিকিৎসক হেমহৰি পেগুৱে । ১০-৩০ বজাত গ্ৰন্থ মেলা উন্মোচন কৰিব শিৱসাগৰৰ বিশিষ্ট চিকিৎসক অখিল হাজৰিকাই । ১১ বজাত দুহেজাৰ গৰাকী নামতিৰ নামৰ ধ্বনিৰে উদ্বোধনী সভাত সভাপতিত্ব কৰিব ড৹ পীতাম্বৰ দেৱগোস্বামীয়ে। সন্মানীয় অতিথিৰ আসনত থাকিব সত্ৰাধিকাৰ সকলৰ লগতে উজ্জয়নী মহামণ্ডলেশ্বৰৰ কেশৱ দাস । নামঘৰ ইতিহাস, গ্ৰন্থ উন্মোচন কৰিব নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক দীপক শৰ্মাই । স্মাৰক গ্ৰন্থ উন্মোচন কৰিব মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ডম্বৰুধৰ নাথে। বিয়লি ১ বজাত যোৰহাট মঞ্জুলা কলা কেন্দ্ৰই পৰিৱেশন কৰিব " ৰাম বিজয়" নাট। সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ গোস্বামীয়ে।

লগতে পঢ়কঃযতীন বৰাৰ "ৰত্নাকৰৰ"ৰ পিছত এইবাৰ আহি আছে ৰবি শৰ্মাৰ ৰঘুপতি

Intro:মাজুলীত সদৌ অসম ভাওনা সমাৰোহ ২০২০ৰ ব্যাপক প্ৰস্তুতি:
দুহেজাৰ গৰাকী নামলগোৱাৰ নামৰ ধ্বনিৰে মুখৰিত হব মণিকাঞ্চন ৰংগ ক্ষেত্ৰ :
উন্মোচন হব দহ হেজাৰ নামঘৰৰ ইতিবৃত্ত সম্বলিত গ্ৰন্থ:

২০০৬ চনৰ পৰা প্ৰতিদুবছৰৰ মুৰে মুৰে অনুষ্ঠিত কৰি অহা অসম ভাওনা সমাৰোহ এই বাৰ অষ্টম বৰ্ষত আউনীআটী সত্ৰৰ সমীপৰ মনিকাঞ্চন ৰংগক্ষেত্ৰত অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ১৯ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হবলগীয়া সমাৰোহ খনিত মুঠ ২৮ খন ভাওনা প্ৰদৰ্শিত হ'ব। প্ৰতিদিনে ভাওনা উদ্বোধন কৰিব সংগীত শিল্পী অংগৰাগ মহন্ত, বিশিষ্ট বোলছবি অভিনেতা যতীন বৰা প্ৰমূখ্য বহু কেইজন বিশিষ্ট শিল্পী , সাংস্কৃতিক কৰ্মী, সমাজকৰ্মী, তথা সত্ৰাধিকাৰে। ভাওনা সমাৰোহৰ শেষৰ দিনা " ভাওনা ৰত্ন" " ভাওনা মহিয়ান" আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ২০ গৰাকী সাহিত্য,সংস্কৃতি,কলা সাধকক সম্বৰ্ধনা জনোৱা হ'ব । তদুপৰি এই সমাৰোহ দুহেজাৰ গৰাকী নামলগোৱাৰ নামৰ ধ্বনিৰে মুখৰিত কৰি ভাওনা সমাৰোহ উদ্বোধন কৰিব। এই সমাৰোহতে অসমৰ বিভিন্ন ঠাইৰ দহ হেজাৰ নামঘৰৰ ইতিহাস সম্বলিত"নামঘৰৰ ইতিহাস পৰিচয়" নামৰ গ্ৰন্থ খনৰ প্ৰথম খণ্ড উন্মোচন হব। সমাৰোহৰ কাৰ্যসূচী অনুসৰি ১৯ ফেব্ৰুৱাৰী-৮-৩০ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি ড পীতাম্বৰ দেৱগোস্বামীয়ে। ৯ বজাত মনিকূটৰ দ্বাৰ মুকলি আৰু নাম প্ৰসংগ।১০ বজাত প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিব মাজুলী জিলাৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে। ভোজনালয়ৰ দ্বাৰ উদ্ঘাটন কৰিব ডিব্ৰুগড়ৰ বিশিষ্ট চিকিৎসক ডাঃ হেমহৰি পেগুৱে । ১০-৩০ বজাত গ্ৰন্থ মেলা উন্মোচন কৰিব শিবসাগৰৰ বিশিষ্ট চিকিৎসক ডাঃ অখিল হাজৰিকাই । ১১ বজাত দুহেজাৰ গৰাকী নামলগোৱাৰ নামৰ ধ্বনিৰে উদ্বোধনী সভাত সভাপতিত্ব কৰিব ডo পীতাম্বৰ দেৱগোস্বামীয়ে। সন্মানীয় অতিথিৰ আসনত থাকিব সত্ৰাধিকাৰ সকলৰ লগতে উজ্জয়নী মহামণ্ডলেশ্বৰৰ কেশব দাস।
নামঘৰ ইতিহাস, গ্ৰন্থ উন্মোচন কৰিব নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক দীপক শৰ্মাই । স্মাৰক গ্ৰন্থ উন্মোচন কৰিব মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডo ডম্বৰুধৰ নাথে। সভাত অসমৰ বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব । বিয়লি ১ বজাত যোৰহাট মঞ্জুলা কলা কেন্দ্ৰই পৰিবেশ কৰিব " ৰাম বিজয়" নাট। সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেবানন্দ গোস্বামীয়ে।

বাইট ড0 পীতাম্বৰ দেৱ গোস্বামী সত্ৰাধিকাৰ আউনীআটী সত্ৰ।Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.