ETV Bharat / state

লখিমপুৰবাসী সাৱধান ! - লখিমপুৰবাসী সাৱধান

পুনৰ জলপ্ৰলয় হোৱাৰ সম্ভাৱনা লখিমপুৰত । NHPC ৰ মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী (Water spills over main dam of NHPC)। ৰঙানদী প্ৰকল্পৰ পানীও মুকলি কৰি দিছে নীপকোৱে । যিকোনো মুহূৰ্তত প্লাৱিত হ'ব পাৰে জিলাখনৰ বিভিন্ন অঞ্চল ।

NHPC
লখিমপুৰবাসী সাৱধান
author img

By

Published : Jun 29, 2022, 12:33 PM IST

লখিমপুৰ,২৯ জুন : সংকটত লখিমপুৰ জিলা । NHPCৰ বাবে চকুত টোপনি নোহোৱা হৈছে জিলাখনৰ ৰাইজৰ । কাৰণ NHPCৰ মূল বান্ধৰ ওপৰেৰে বৈছে পানী । যাৰ বাবে ভয়ংকৰ দুৰ্যোগৰ সম্ভাৱনা জিলাখনত (Lakhimpur district heading for dire danger)।

উল্লেখ্য যে ঠায়ে ঠায়ে বানৰ তাণ্ডৱ অব্যাহত আছে । তেনে সময়তে নিৰ্মীয়মান সোৱণশিৰি প্ৰকল্পত বিপদজনকভাৱে জলস্তৰ বৃদ্ধি পাইছে । পুৱাৰে পৰা বান্ধৰ ওপৰেৰে পানী বাগৰিবলৈ আৰম্ভ কৰিছে (Subansiri flows above danger level)। যাৰ বাবে ইতিমধ্যে প্ৰকল্পৰ কাম বন্ধ কৰি দিয়া হৈছে । বান্ধৰ ওপৰেৰে বাগৰি অহা পানীয়ে লখিমপুৰৰ নামনি অংশ বিশেষকৈ ঘূণাসুঁতি আদি অঞ্চলত জলপ্ৰলয়ৰ সৃষ্টি কৰাৰ আশংকাই দেখা দিছে ।

কেৱল ইমানেই নহয় । ৰঙানদী প্ৰকল্পৰ পানীও মুকলি কৰি দিয়া হৈছে (Release of water from Ranganadi project)। প্ৰকল্পৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি হোৱাৰ বাবে জলাধাৰৰ সুৰক্ষাৰ স্বাৰ্থতে প্ৰকল্পৰ গেট খুলি দিয়া হ'ব পাৰে বুলি মঙলবাৰে বিয়লি নীপকোৰ তৰফৰ পৰা লখিমপুৰ জিলা প্ৰশাসনলৈ এক সতৰ্কবাণী প্ৰেৰণ কৰা হৈছিল ।

ইয়াৰ পাছতে নীপকোৱে প্ৰকল্পৰ এখন গেট খুলি দি ৰঙানদীত পানী এৰি দিয়ে । ফলত বিপদজনক ৰূপত বাঢ়ি আহিছে ৰঙানদীৰ জলপৃষ্ঠ । এফালে সোৱণশিৰি প্ৰকল্পৰ পৰা মূল বান্ধৰ ওপৰেৰে ভয়ংকৰ ৰূপত বাগৰি অহা পানী আৰু আনফালে নীপকোৱে প্ৰকল্পৰ পৰা ৰঙানদীত এৰি দিয়া পানীয়ে এতিয়া লখিমপুৰত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ সম্ভাবনাই দেখা দিছে । দুয়োখন নদীয়ে জিলাখনক একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত কৰিব নেকি বুলিও বহুতে আশংকা কৰিছে । যাৰ বাবে আতংকিত হৈ পৰিছে জিলা খনৰ ৰাইজ ।

NHPC
লখিমপুৰবাসী সাৱধান

বিশেষ কৈ নদী পৰীয়া অঞ্চল সমূহৰ ৰাইজৰ পেটতে হাত ভৰি লুকুৱাৰ দৰে পৰিবেশৰ সৃষ্টি হৈছে । তেওঁলোকে যেন পুনৰ এখন জীৱন মৰণৰ যুঁজৰ বাবে সাজু হ'বলগীয়া হৈছে । একাংশ বানাক্ৰান্তই বছৰৰ দ্বিতীয়টো বানৰ পৰা সামান্য সকাহ পাইছিল হে মাত্ৰ কিন্তু সন্মুখত এনে এক পৰিস্থিতি দেখাৰ পাছত এতিয়া উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :30 জুনৰ পৰা শিলচৰ নিউ হাফলঙৰ মাজত পুনৰ চলিব যাত্ৰীবাহী ৰেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.