ETV Bharat / state

আমেৰিকাত উমলিছে অসমৰ দুই দিব্যাংগ শিশুৱে

author img

By

Published : Sep 26, 2020, 9:52 AM IST

আমেৰিকাৰ লুকি এডকইন আৰু লুচীয়া নোইমি ৱাৰ্ড নেলচন নামৰ দম্পতিৰ ছত্ৰছায়াত আছে পূজা ৷ শিকিছে আমেৰিকাৰ ভাষা,আয়ত্ব কৰিছে আমেৰিকাৰ ৰীতি-নীতি ৷ ইপিনে দিব্যাংগ কল্যাণক আকোঁৱালি লৈছে আমেৰিকাৰ জেফ্ৰি পিৰচন ৱাল আৰু ষ্টীফেৰিণ মেৰিয়া ৱাল নামৰ দম্পতিয়ে ৷ পূজাৰ দৰেই কল্যাণেও লাভ কৰিছে এতিয়া এক সুকীয়া পৰিচয় ৷

Two Divyang children from Assam are stay in America enjoying their childhoodTwo Divyang children from Assam are stay in America enjoying their childhoodTwo Divyang children from Assam are stay in America enjoying their childhood
আমেৰিকাত উমলিছে অসমৰ দুই দিব্যাংগ শিশুৱে

নাওবৈচা,26 ছেপ্তেম্বৰঃ সাত সাগৰ তেৰ নদীৰ সিপাৰে আমেৰিকাত উমলিছে অসমৰ দুই দিব্যাংগ কণমানি শিশুৱে ৷ পিতৃ-মাতৃ কাৰোৰে পৰিচয় নথকা দুই দিব্যাংগ শিশুৰ নাম পূজা আৰু কল্যাণ ৷ সুদূৰ আমেৰিকাত নতুন পৰিচয় আৰু হাঁহি-ধেমালিৰ মাজেৰে এতিয়া দিন অতিবাহিত কৰিছে দুয়োৱে ৷ আমেৰিকাৰ লুকি এডকইন আৰু লুচীয়া নোইমি ৱাৰ্ড নেলচন নামৰ দম্পতিৰ ছত্ৰছায়াত আছে পূজা ৷ শিকিছে আমেৰিকাৰ ভাষা,আয়ত্ব কৰিছে আমেৰিকাৰ ৰীতি-নীতি ৷ ইপিনে দিব্যাংগ কল্যাণক আকোঁৱালি লৈছে আমেৰিকাৰ জেফ্ৰি পিৰচন ৱাল আৰু ষ্টীফেৰিণ মেৰিয়া ৱাল নামৰ দম্পতিয়ে ৷ পূজাৰ দৰেই কল্যাণেও লাভ কৰিছে এতিয়া এক সুকীয়া পৰিচয় ৷

Two Divyang children from Assam are stay in America enjoying their childhood

জানিব পৰা মতে, 2018 চনত লখিমপুৰৰ "মৰম"নামৰ এক অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠানৰ পৰা দুই কণমানিক লৈ যোৱা হৈছিল আমেৰিকালৈ ৷ অনুষ্ঠানটোৰ ৱেবচাইটত পূজা আৰু কল্যাণৰ বিষয়ে গম পাই আমেৰিকাৰ এই দম্পতিয়ে দুয়োকে নিজৰ কৰি লোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে । ইয়াৰ পিছতে যাৱতীয় সকলে কাম-কাজ সম্পন্ন কৰি লখিমপুৰ জিলা উপায়ুক্ত ,আৰক্ষী অধীক্ষকৰ উপস্থিতিত "মৰম" অনুষ্ঠানে বিধিগত ভাৱে পূজা আৰু কল্যাণক তুলি দিছিল আমেৰিকাৰ দম্পতিৰ কোলাত ৷ আনহাতে,নতুন পিতৃ-মাতৃৰ পৰিচয় লাভ কৰি মৰম-চেনেহৰ মাজেৰে আপোন পাহৰা হৈ এতিয়া দুয়ো উমলিছে সুদূৰ আমেৰিকাৰ মাটিত ৷

লগতে পঢ়কঃথোৰতে এচ. পি. বালাসুব্ৰমনিয়ামৰ জীৱন পৰিক্ৰমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.