লখিমপুৰ, 25 ছেপ্টেম্বৰ: লখিমপুৰত প্ৰচাৰ বিমুখভাৱে ক্ৰমাৎ সাংগঠনিক স্থিতি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে তৃণমূল কংগ্রেছে । সমাগত লোকসভা নির্বাচনৰ বাবে শাসক- বিৰোধী দলে নিজৰ স্থিতি শক্তিশালী কৰি এঘড়ী যুজাৰ প্ৰস্তুতি চলাইছে দলটোৱে । বিৰোধীক আক্ৰমণ কৰি নিশকতীয়া কৰি নিজৰ স্থিতি মজবুত কৰি জন সমৰ্থন নিজৰ সপক্ষে আনিবলৈ যত্ন অব্যাহত ৰখা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে দলটোৰ লখিমপুৰ জিলাৰ জিলা সভাপতি লেখন বুঢ়াগোহাঁইয়ে ।
শাসকীয় দল নাইবা প্ৰধান বিৰোধী দলৰ এনে তৎপৰতাৰ বিপৰীতে দলটোৱে নিৰ্বাচনী লক্ষ্যৰ সমান্তৰালভাৱে সাংগঠনিক ভেটি মজবুত কৰিবলৈ উঠিপৰি লাগিছে বুলি জনায় জিলা সভাপতিগৰাকীয়ে । লখিমপুৰত এই ক্ষেত্ৰত চকুত পৰা ধৰণে দলীয় স্থিতি মজবুত কৰাত উঠিপৰি লাগিছে তৃণমূল কংগ্রেছ দল । প্ৰচাৰ বিমুখভাৱে দলটোৱে জিলাখনত ভেঁটি মজবুত কৰাৰ অভিযান চলাই আছে ।
বিগত ডিচেম্বৰ মাহৰ পৰা দহ হেজাৰোধিক লোকক দলটোৱে নিজৰ সৈতে যুক্ত কৰিবলৈ সক্ষম হৈছে বুলি জনায় ৷ অনলাইন, অফলাইন যোগে জিলাখনত সদস্য ভৰ্তি অভিযান চলাইছে দলটোৱে । উল্লেখ্য যে, জিলাখনত যোৱা ডিচেম্বৰ মাহত দলটোৰ জিলা সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে লেখন বুঢ়াগোহাঁইয়ে । দায়িত্ব গ্ৰহণ কৰিয়েই বুঢ়াগোহাঁইয়ে জিলাখনত দলটোৰ সদস্য ভৰ্তি অভিযান চলাই দলৰ ভেটি মজবুত কৰাৰ বাবে কাৰ্যপন্থা গ্ৰহণ কৰে । তেওঁৰ এই প্ৰচেষ্টাৰ প্ৰতি ৰাজ্যিক সভাপতি ৰিপুণ বৰাই সহাঁৰি আগবঢ়োৱা বুলি উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত ৷
ৰিপুণ বৰাই একাধিকবাৰ জিলাখনলৈ আহি দলীয় কৰ্মী সভাত অংশগ্রহণ কৰি কৰ্মীৰ মনোবল বৃদ্ধি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । এই সন্দৰ্ভত দলৰ জিলা সভাপতি লেখন বুঢ়াগোহাঁইয়ে কয়, "শাসকীয় দলৰ কাম কাজত অসন্তুষ্ট হৈ একাংশই তৃণমূল কংগ্রেছত যেনেদৰে যোগদান কৰিছে তেনেদৰে শাসকীয় দলৰ জন বিৰোধী কাম কাজৰ সবল প্ৰতিবাদ কৰি ৰাইজৰ আস্থাভাজন হ’ব নোৱাৰা প্ৰধান বিৰোধী দলৰ অসন্তুষ্ট একাংশ কৰ্মীয়েও বিকল্প হিচাপে তৃণমূল কংগ্রেছৰ পতাকাৰ তললৈ আহিছে । জিলা খনত দলটোক শক্তিশালী কৰাৰ প্ৰক্ৰিয়া অব্যাহত থাকিব আৰু অচিৰেই দলটোৱে এক শক্তিশালী স্থিতি প্ৰকাশ কৰিব বুলি বুঢ়াগোহাঁইয়ে আশা প্ৰকাশ কৰে ।