লখিমপুৰ, ৭ মে’: লখিমপুৰত এইবাৰ চোৰে চলালে দুঃসাহসিক অভিযান ৷ মহাদেৱৰ গৃহত প্ৰৱেশ কৰি চোৰে চলালে লুটপাত ৷ মন্দিৰৰ বহু মূল্যৱান সা-সম্পত্তিসহ নগদ ধন হাতলৈ অনাৰ পাছতে চোৰকো স্থানীয় ৰাইজে কৰিলে কৰায়ত্ব (Theft at temple in Lakhimpur) ৷
ৰখীয়াবিহীন গৃহ বুলি ভুলকৈ ভাবি শুকুৰবাৰে নিশা লখিমপুৰৰ পথালি পাহাৰৰ এটা মন্দিৰত প্ৰৱেশ কৰিলে চোৰে ৷ পথালি পাহাৰৰ ঐতিহাসিক শান্তি শিৱ মন্দিৰৰ প্ৰায় সকলো সম্পত্তি হাত কৰি লোৱাৰ মানসেৰে অভিযান আৰম্ভ কৰিলে সাহসী, গভাইত চোৰটোৱে ৷ পৰিকল্পনা অনুসৰিয়েই মন্দিৰটোৰ প্ৰায় সকলো সম্পত্তি মোনাত ভৰাই ঘৰমুৱা হোৱাৰ পূৰ্বেই বেয়া সময়ে লগ দিলে এই পৰ্যন্ত নাম জানিব পৰা নোহোৱা চোৰটোক ৷
চুৰি কাৰ্য সংঘটিত হোৱাৰ অনুমান পাই মন্দিৰটোৰ নৈশ চকীদাৰে অতি সন্তৰ্পনে কৰায়ত্ব কৰিলে চোৰটোক ৷ পৰৱৰ্তী সময়য়ত চোৰটোক আৰক্ষীক গতাই দিয়ে মন্দিৰ সমিতিৰ লগতে স্থানীয় ৰাইজে ৷ আটকাধীন চোৰটোৰ পৰা এই পৰ্যন্ত উদ্ধাৰ কৰা হৈছে মন্দিৰৰ শৰাই, কাঁহৰ বাচন-বৰ্তন, ৰূপৰ ত্ৰিশূল আদিকে ধৰি বুজন পৰিমানৰ সম্পত্তি ৷ বৰ্তমান বান্দৰদেৱা আৰক্ষী থানাত এতিয়া অতিথি হিচাবে সময় পাৰ কৰিছে ভগবানলৈও কেৰেপ নকৰা অত্যুৎসাহী চোৰটোৱে (Thief arrested in Lakhimpur)৷