ETV Bharat / state

Firing in Assam Arunachal border: সীমা চুক্তিৰ স্বাক্ষৰৰ পাচতে লখিমপুৰৰ অৰুণাচল সীমান্তত উত্তেজনা

author img

By

Published : Apr 22, 2023, 4:33 PM IST

অসম অৰুণাচলৰ সীমা সমস্যা সমাধান কৰাৰ বাবে কেন্দ্ৰৰ মধ্যস্থতাত চুক্তি সম্পন্ন হোৱাৰ 48 ঘন্টা নৌহওঁতেই উত্তপ্ত হ’ল লখিমপুৰৰ অসম অৰুণাচল সীমান্ত । শনিবাৰে পুৱা তহল দিবলৈ যোৱা অসমৰ বনকৰ্মীৰ দলক লক্ষ্য কৰি গুলীচালনা কৰে অৰুণাচলীয়ে (Firing in Assam Arunachal border) ।

Fring in Assam Arunachal border
আকৌ অৰুণাচলীৰ উপদ্ৰৱ
আকৌ অৰুণাচলীৰ উপদ্ৰৱ

লখিমপুৰ, 22 এপ্ৰিল : আকৌ অৰুণাচলীৰ উপদ্ৰৱ (Assam Arunachal border conflict) ৷ অসম আৰু অৰুণাচলে সীমান্ত চুক্তি কৰাৰ সময়তে লখিমপুৰত পুনৰ অৰুণাচলীয়ে চলাইছে সন্ত্ৰাস (Arunachali invades Assamese territory again) । শনিবাৰে পুৱা জিলাখনৰ ৰামপুৰ বন খণ্ডৰ 1 নং বেলবস্তিত আৰুণাচলী লোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল অসমৰ বনবিভাগৰ লোকক । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে এগৰাকী বনবিভাগৰ কৰ্মীয়ে ৷

তেওঁ কয় যে, শনিবাৰে পুৱা অসমৰ ভূ-খণ্ডত Joint Forest Management ৰ কাম চোৱা-চিতা কৰিবলৈ গৈছিল ৰামপুৰ বনখণ্ডৰ কৰ্মচাৰীসকল । তেনেতে আৰুণাচলী লোকে খেদি আহে বনবিভাগৰ দলটোক । লগতে কোনো কথা বতৰা নোকোৱাকৈয়ে অসমৰ বনবিভাগৰ দলটোৰ ফটো সংগ্ৰহ কৰে অৰুণাচলী লোকে ৷

তাৰ পাচতে বনবিভাগৰ দলটোলৈ লক্ষ্য কৰি এজাই গুলীও নিক্ষেপ কৰে আৰুণাচলীয়ে (Firing in Assam Arunachal border)৷ এই ঘটনাক কেন্দ্ৰ কৰি কিছু সংকিত হৈ পৰে অসমৰ বনকৰ্মীৰ দলটো ৷ অৱশ্যে এই গুলীচালনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Arunachali Aggression in Bihali Forest : বিহালী সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ পুনৰ আগ্ৰাসন

ইফালে অৰুণাচলীৰ এনে ৰুদ্ৰ ৰূপ দেখি অসমৰ বনকৰ্মীৰ দলটোৱে পশ্চাদপদ কৰিবলৈ বাধ্য হয় । ইতিমধ্যে ঘটনাস্থলীলৈ জিলাৰ বনবিভাগৰ উচ্চ পদস্থ বিষয়াসকল ৰাওনা হৈছে । উল্লেখ্য যে, মাথোঁ কিছু দিনৰ পূৰ্বেও ৰঙা দি ৰিজাৰ্ভৰ সীমান্ত এলেকাত অনুৰূপ ঘটনাৰ সূত্ৰপাত ঘটিছিল । সেই দিনাও অৰুণাচলীয়ে অসমৰ বনকৰ্মীৰ দলক দুৰ্ব্যৱহাৰ কৰি খেদি পঠিয়াইছিল ।

লক্ষ্যণীয় বিষয় যে, বিগত কিছুদিন ধৰি দুয়ো ৰাজ্যৰ মাজত শান্তিপূর্ণভাৱে সীমা সমস্যা সমাধানৰ আলোচনা আৰু কেন্দ্ৰৰ মধ্যস্থতাত সীমা চুক্তি আদি চলি আছে (MoU singed on Assam Arunachal border issue) ৷ তেনে সময়তে লখিমপুৰৰ অৰুণাচল সীমান্তত বাৰম্বাৰ অসমৰ বনকৰ্মীৰ দলক খেদি পঠিওৱা, দুৰ্ব্যৱহাৰ কৰা আদি ঘটনা সংঘটিত হৈ আহিছে । যাৰ বাবে এতিয়া চুক্তি হ’লেও দুয়ো ৰাজ্যৰ সীমা সমস্যা সমাধানত যে আউল লাগিব পাৰে, তাৰে সংকেত পাইছে ৷

লগতে পঢ়ক : Assam arunachal border dispute : সীমা সমস্যা নিষ্পত্তিৰ বাবে চুক্তিত স্বাক্ষৰ অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.