লখিমপুৰ, 5 ডিচেম্বৰ: ৰাজ্যত মৰণফান্দৰ তলত হেজাৰ হেজাৰ চাহ শ্ৰমিকৰ পৰিয়াল । ব্ৰিটিছৰ দিনৰ পৰা স্বাধীন দেশৰ চৰকাৰৰ সুদীর্ঘ শাসনৰ সময়ৰ বঞ্চনাৰ জীৱন্ত দলিল চাহ শ্ৰমিকৰ জীৱন । মূৰৰ ওপৰত মৃত্যুদূতক লৈ তেওঁলোকে এক অনিশ্চিত তথা ভয়াৱহ জীৱন কটাব লগীয়া হৈছে । বঞ্চনা তথা সংশয়ৰ মাজত দিন কটোৱা এই শ্ৰমিক সকলে তথাপিও সহায় কৰিছে আপোনাক পুৱাই একাপ গৰম চাহ হাতত তুলি লোৱাত ৷
উল্লেখ্য যে 1823 ত ৰবাৰ্ট ব্ৰুচে অসমত চাহ আবিষ্কাৰ কৰাৰ পাছত ব্ৰিটিছৰ আমোলত 1833 চন মানৰ পৰা চাহ বাগিচা স্থাপনৰ কাম আৰম্ভ হয় । সম্প্ৰতি অসমত আছে ৮০৩ খন চাহ বাগিচা । এই বাগিচা সমুহৰ পৰা বাৰ্ষিক 700 মিলিয়ন চাহ উৎপাদন হয় । বিনিময়ত দেশে 3 হেজাৰ কোটি বৈদেশিক মুদ্ৰা অর্জন কৰিবলৈ সক্ষম হৈছে ।
কিন্তু এই বৃহৎ উদ্যোগটোৰ লগত জড়িত শ্ৰমিকসকলৰ জীৱনগাথা কিন্তু অতি দুখলগা । তেওঁলোকৰ জীৱনধাৰণৰ মানৰ পৰা মজুৰিলৈকে সৰ্বত্ৰে বৈষম্য আৰু অৱহেলাৰ চিন সুস্পষ্ট ।
সবাতোকৈ ডাঙৰ কথাটো হ’ল ৰাজ্যৰ আঠ শতাধিক বাগিচাৰ বহু হেজাৰ শ্ৰমিকে মৰণফান্দৰ মাজত জীয়াই থাকিবলগীয়া হৈছে । এই মৰণফান্দ হৈছে তেওঁলোক থকা আৱাসগৃহসমূহ । ব্ৰিটিছৰ দিনতে বাগিচা সমূহত শ্ৰমিকসকলক থাকিবৰ বাবে আৱাসগৃহ নিৰ্মাণ কৰি দিয়া হৈছিল । ব্ৰিটিছে নিৰ্মাণহে কৰিলে ৷ কিন্তু এই আৱাসগৃহসমূহ পৰৱৰ্তী সময়ত এবাৰৰ বাবেও মেৰামতি কৰা নহ’ল ৷
লক্ষ্যণীয় কথাটো হ’ল- দেশক স্বাধীন ঘোষণা কৰি ব্ৰিটিছসকল গুছি যোৱাৰ পাছত স্বাধীন দেশৰ চৰকাৰে এবাৰলৈও বাগিচাত ব্ৰিটিছে বনোৱা হেজাৰ হেজাৰ শ্ৰমিকৰ আৱাসগৃহক লৈ চিন্তা নকৰিলে । আজিও চৰকাৰে বা বাগিচা কৰ্তৃপক্ষই এই আৱাসগৃহ সমূহ সঠিক ৰূপত মেৰামতি নাইবা পুনৰ নিৰ্মাণ নকৰিলে । যাৰ বাবে ব্ৰিটিছৰ আমোলতে নিৰ্মাণ কৰা চাহ বাগিচাৰ হেজাৰ হেজাৰ আৱাসগৃহ জহি-খহি উঁৱলি গৈছে ।
ৰ’দ-বৰষুণৰ পৰাও শ্ৰমিকৰ পৰিয়ালক ৰক্ষা কৰিব পৰা নাই এই আৱাসগৃহসমূহে । বহু আৱাসগৃহ জৰাজীৰ্ণ হৈ বসবাসৰ অনুপযোগী হৈ পৰিছে । সামান্য বতাহ-বৰষুণ আহিলে নাইবা ভূমিকম্প আহিলে এনে আবাসৰ আৱাসীসকলৰ বুকু কঁপে । কোন মুহূৰ্তত এই আৱাসগৃহসমূহ হুৰমূৰাই ভাগি পৰে তাৰ নিশ্চয়তা নাই । বুকুত অনবৰত এক আজান আশংকাই বিৰাজ কৰি থাকে তেওঁলোকৰ ।
দিনৰ দিনটো হাঁড়ভঙা শ্ৰমৰ অন্তত নিশা তেওঁলোকে কিন্তু সুখনিদ্ৰাত পৰিব নোৱাৰে । জানোচা শোৱাপাটীত থাকোতেই গাৰ ওপৰতে ঘৰটো ভাগি পৰে । এনে শংকাই তেওঁ লোকক খেদি ফুৰে । কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ অথবা বাগিচা কৰ্তৃপক্ষ এইক্ষেত্ৰত উদাসীন ।
উল্লেখ্য যে, ব্ৰিটিছৰ আমোলত বহু ঘৰ, দলং আদি নিৰ্মাণ কৰা হৈছিল । দেশৰ স্বাধীনতাৰ 50 বছৰ অতিক্ৰম কৰাৰ আগৰে পৰাই লণ্ডনৰ পৰা ভাৰত চৰকাৰলৈ বিভিন্ন সময়ত পত্ৰ প্ৰেৰণ কৰি তেওঁলোকে নিৰ্মাণ কৰি থৈ যোৱা পথ, দলং আদিৰ নাম উল্লেখ কৰি সেই সমূহৰ আয়ুস অন্ত পৰাৰ কথা সোঁৱৰাই দিছিল ৷ সম্ভাব্য দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ইংৰাজে সেই নিৰ্মাণসমূহ নষ্ট কৰি নতুনকৈ নিৰ্মাণৰ বাবে আহ্বান জনাইছিল ৷
কেন্দ্ৰীয় চৰকাৰৰ পৰা এনে পত্ৰ লাভ কৰি ৰাজ্য চৰকাৰসমূহে তেনে ঘৰ বা দলং আদি ভাঙি পুনৰ নিৰ্মাণ কৰিছে । ব্ৰিটিছৰ দিনৰ তেনেবোৰ ঘৰ,দলং পুনৰ নিৰ্মাণ হ’ল যদিও ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰা চাহ বাগিচাৰ শ্ৰমিকৰ আৱাসগৃহসমূহ কিন্তু আজিও তেনেদৰেই থাকিল । তেনে জৰাজীৰ্ণ আৱাসতে পুৰুষানুক্ৰমে শ্ৰমিকসকলে বসবাস কৰি আহিছে ।
চাহ শ্ৰমিকসকলে এতিয়া এনেদৰে মৰণফান্দৰ তলত প্ৰতি পল অনুপল শংকাৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে । তেওঁলোকক এই দুৰ্দশাৰ পৰা উদ্ধাৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ অথবা বাগিচা কৰ্তৃপক্ষ কাৰোৰে যেন আহৰি নাই । শ্ৰমিক ৰাইজৰ লগতে সদৌ চাহ জনগোষ্ঠী ছাত্ৰ সন্থা আদি সংগঠনে এইক্ষেত্ৰত বিহিত ব্যৱস্থা ল’বলৈ সকলো পক্ষক আহ্বান জনাইছে ।
লগতে পঢ়ক: চাহ জনগোষ্ঠীয় মন্ত্রী-বিধায়ক-সাংসদৰ বিৰুদ্ধে ওলাই আহিল আটছা, লখিমপুৰত প্ৰতিবাদ