ETV Bharat / state

খৰালিৰ খহনীয়াত বিধ্বস্ত পকণীয়াবাসী

ধাৰাবাহিকভাৱে সোৱণশিৰিৰ খহনীয়া আৰম্ভ হোৱাৰে পৰা বৰ্তমানলৈকে নদীখনৰ গ্ৰাসত পৰিছে পাভ বনাঞ্চলৰ লগতে পকণীয়াবাসী ৰাইজ ৷ তাৰ পাচতো জিলা প্ৰশাসন আৰু জনপ্ৰতিনিধিসকলে নিৱৰ ভুমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷

author img

By

Published : Dec 6, 2020, 3:06 PM IST

খৰালিৰ খহনীয়াত বিধ্বস্ত পকণীয়াবাসী
খৰালিৰ খহনীয়াত বিধ্বস্ত পকণীয়াবাসী

নাওবৈচা, ৬ ডিচেম্বৰ: বাৰিষাৰ বানৰ পাচত এইবাৰ খৰালিৰ খহনীয়াত দিশহাৰা পকণীয়া ঘাটৰ অৰ্ধ শতাধিক পৰিয়াল ৷ সোৱণশিৰিৰ খহনীয়াই নিঃশেষ কৰিছে পকণীয়াবাসী ৰাইজৰ মাটি, ভেঁটি ৷ নৈৰ বুকুত জাহ গৈছে শ শ হেক্টৰ ঐতিহাসিক পাভ বনাঞ্চলৰো ভূমি ৷ তাৰ পাচতো জিলা জলসম্পদ বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷ এসময়ৰ সোণ পোৱা সোৱণশিৰিৰ ভয়াৱহ খহনীয়াৰ দৃশ্য দেখি নীৰৱে চকুলো টুকিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷ সোৱণশিৰিৰ খহনীয়াত পৰি ইতিমধ্যে নাওবৈচা ৰাজহ চক্ৰ আৰু লখিমপুৰ ৰাজহ চক্ৰৰ অধীনস্থ পকণীয়াঘাট, নামে চুক, পমুৱা খাবলু, কাৱৈভুৰুকা আদি গাঁৱৰ বিস্তীৰ্ণ এলেকাৰ কৃষিভূমি, ঘৰ আদি নৈৰ বুকুত উচন হৈছে ৷

খৰালিৰ খহনীয়াত বিধ্বস্ত পকণীয়াবাসী

১৯৯৯-২০০০ চনৰ পৰা ধাৰাবাহিকভাৱে সোৱণশিৰিৰ খহনীয়া আৰম্ভ হোৱাৰে পৰা বৰ্তমানলৈকে নদীখনৰ গ্ৰাসত পৰিছে পাভ বনাঞ্চলৰো শ শ হেক্টৰ ভূমি ৷ এসময়ৰ বনৰীয়া মহৰ বাবে বিখ্যাত বনাঞ্চল খন সম্প্ৰতি অস্তিত্বৰ সংকটত ৷ ইমানৰ পাচতো কোনো এগৰাকীও জনপ্ৰতিনিধি কিম্বা জিলা প্ৰশাসনৰ ভুক্তভোগী ৰাইজৰ খবৰ ল'বলৈ আহৰি নাই বুলি অভিযোগ উত্থাপন হৈছে ৷ বাৰম্বাৰ আবেদন-নিবেদন জনাই অহাৰ পাচতো ৰাইজৰ আহ্বানে স্পৰ্শ কৰিব পৰা নাই চৰকাৰ তথা প্ৰশাসনক ৷ যাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে সম্প্ৰতি নিৰাশ আৰু ক্ষুব্ধ হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷

লগতে পঢ়ক: তিৱা স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.