ETV Bharat / state

লখিমপুৰৰ হেঁচামৰা চাপৰিত লোমহৰ্ষক হত্যাকাণ্ড

author img

By

Published : Sep 26, 2020, 6:04 PM IST

শুৱাপাটীতেই অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে এগৰাকী 16 বছৰীয়া কিশোৰক ৷ হত্যাকাৰীক কৰায়ত্ত কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী স্থানীয় ৰাইজৰ লগতে পৰিয়ালৰ লোকৰ ৷

Sensational murder at hesamari of Lakhimpur
লখিমপুৰৰ হেঁচামৰা চাপৰিত লোমহৰ্ষক হত্যাকাণ্ড

লখিমপুৰ, 26 ছেপ্তেম্বৰ: লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত হেঁচামৰা চাপৰিৰ গৰৈমাৰিত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা ৷ নিশা নিজৰ দোকানৰ শুৱাপাটীতেই অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে এগৰাকী 16 বছৰীয়া কিশোৰক ৷ ঘটনা সন্দৰ্ভত অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ ঘটনাত জড়িত দোষীৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

জানিব পৰা অনুসৰি,নিহত কিশোৰজন গৰৈমাৰীৰ নিবাসী মজিবুৰ আলিৰ কনিষ্ঠ পুত্ৰ ৰফিকুল আলি ৷ শুকুৰবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰি যায় কিশোৰজনক ৷ পুৱা কিশোৰজনৰ জেষ্ঠ ভাতৃয়ে আহি প্ৰত্যক্ষ কৰে তেজেৰে তুমুৰুলি হৈ পৰি থকা ভাতৃৰ মৃতদেহ ৷ ইতিমধ্যে ঘটনাস্থলীত লখিমপুৰ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ লগতে দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ হত্যাকাৰীক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে পৰিয়ালৰ লোকে ৷

লগতে পঢ়কঃ যোগান মন্ত্ৰীলৈ ইমান খং কিয় ছাত্ৰ সন্থাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.