ETV Bharat / state

নেমু খেতিৰে স্বাৱলম্বী ভেঞ্চাৰ স্কুলৰ শিক্ষক - সহকাৰী শিক্ষক

স্কুল প্ৰাদেশিকীকৰণৰ আশা বাদ দি অৱশেষত নেমু খেতিত দিনে ৰাতিয়ে ব্যস্ত এগৰাকী মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক ৷ ইতিমধ্যে নেমু বিক্ৰী কৰি বছৰত প্ৰায় ৮০-৯০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে শিক্ষক জনে ৷

Self Independence Non provincialise teacher Stories
নেমু খেতিৰে স্বাৱলম্বী নাৰায়ণপুৰৰ এগৰাকী ভেঞ্চাৰ স্কুলৰ শিক্ষক
author img

By

Published : Aug 26, 2020, 5:29 PM IST

নাৰায়ণপুৰ,26আগষ্টঃ বিগত ২৫ বছৰে বিনা বেতনেৰে শিক্ষকতা কৰা নাৰায়ণপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ৰাইদঙীয়াস্থিত বাপুজী মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক সত্যনাথ মিলিয়ে নেমু খেতি কৰি পৰিয়াল চলাবলৈ বাধ্য হৈছে ৷ কাৰণ সুদীৰ্ঘ বছৰে চৰকাৰে বিদ্যালয় খন প্ৰাদেশিকীকৰণৰ নকৰাত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছিল পৰিয়ালটোৰ ৷

নেমু খেতিৰে স্বাৱলম্বী নাৰায়ণপুৰৰ এগৰাকী ভেঞ্চাৰ স্কুলৰ শিক্ষক

অৱশেষত বিদ্যালয়খন প্ৰাদেশিকীকৰণৰ আশা বাদ দি দুবিঘা মাটিত কাজি নেমুৰ খেতি কৰি স্বাবলম্বী হোৱাৰ সপোন দেখিছিল শিক্ষক জনে । ইতিমধ্যেই শোৱণশিৰিৰ ভয়াবহ খহনীয়াত পৰি সকলো খেতি-মাটি নদীৰ বুকুত জাহ যোৱাৰ পিছত পূৱ নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চকীয়াল গাঁৱৰ এই গৰাকী শিক্ষকে ৫ বছৰৰ পূৰ্বে আৰম্ভ কৰে কাজি নেমুৰ খেতি । ইফালে বিদ্যালয় খনত এতিয়ালৈকে পাঠদান আগবঢ়াই অব্যাহত ৰাখিছে শিক্ষক জনে ৷ সমান্তৰালকৈ শিক্ষক ৰূপী কৃষক জনক সহায় কৰি আহিছে পত্নী মল্লিকা মিলিয়েও ।

উল্লেখ্য যে, লহ-পহকৈ বাঢ়ি অহা নেমুবাৰী খনত দুশ জোপাৰো অধিক কাজি নেমুৰ গছ আছে । প্ৰায় প্ৰতিজোপা গছতে লমা-লোমে লাগিছে নেমু । ইতিমধ্যে নেমু বিক্ৰী কৰি বছৰত ৮০-৯০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে শিক্ষক জনে ৷ সেই ধনেৰেই ৪ জনীয়া পৰিয়ালটো পোহপাল দিয়াৰ লগতে ল'ৰা সন্তান দুটাকো পঢ়ুৱাবলৈ সক্ষম হৈছে শিক্ষক সত্যনাথ মিলিয়ে ।

দুৰ্ভাগ্যজনক কথা যে, প্ৰতি বছৰে শোৱণশিৰিৰ বানে সৰ্বস্বান্ত কৰি অহা অঞ্চলটোৰ এইগৰাকী ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ নেমু খেতি দৰা এতিয়া আন একাংশৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰিছে, যদিও কৃষিমন্ত্ৰী অতুল বৰাৰ বিয়াগোম কৃষি বিভাগৰ কোনো এখন আচনিয়েও স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাই শিক্ষক গৰাকীক । আনহাতে এই বছৰ কৰ'ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত চৌদিশে বজাৰ-সমাৰ বন্ধ হৈ পৰাত এতিয়া গছৰ নেমু গছতে পকী গেলিবলৈ আৰম্ভ কৰাত চিন্তিত হৈ পৰিছে শিক্ষক জন । ফলত পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে শিক্ষক সত্য নাথ মিলিৰ ।

লগতে পঢ়ক- বজালীত ৰাইজে নিৰ্মাণ কৰিলে গড়কাপ্তানী বিভাগৰ দলং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.