ETV Bharat / state

Eid 2023 : ঈদৰ পূৰ্বে লখিমপুৰত 144 ধাৰা জাৰি প্ৰশাসনৰ - লখিমপুৰত ঈদ শান্তিপূৰ্ণভাৱে উদযাপন

লখিমপুৰত জাৰি কৰা হৈছে ১৪৪ ধাৰা । শান্তিপূৰ্ণভাৱে যাতে সকলোৱে ঈদ উদযাপন কৰিব পাৰে তাৰ বাবে জিলা দণ্ডাধীশ সুমিত সাত্তাৱানে ভাৰতীয় ফৌজদাৰী কাৰ্য বিধিৰ ১৪৪ ধাৰা জাৰি কৰিছে (Section 144 has been imposed in Lakhimpur due to Eid Ul Fitr) ।

Eid Ul Fitr 2023
লখিমপুৰত জাৰি কৰা হৈছে ১৪৪ ধাৰা
author img

By

Published : Apr 21, 2023, 8:54 PM IST

কাইলৈ ঈদ

লখিমপুৰ, ২১ এপ্ৰিল : আজি পবিত্ৰ ৰমজান মাহৰ অন্তিমটো দিন (Last day of Ramjan month)৷ কাইলৈ অৰ্থাৎ শনিবাৰে সমগ্ৰ বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰা হ’ব পবিত্ৰ ঈদ-উদ-ফিটৰ (Eid Ul Fitr 2023)৷ তাৰ বাবে সমগ্ৰ বিশ্বজুৰি চলিছে ব্যাপক প্ৰস্তুতি ৷ অসমৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ লখিমপুৰতো চলিছে পবিত্ৰ ঈদ-উদ-ফিটৰৰ প্ৰস্তুতি ৷

Eid Ul Fitr 2023
লখিমপুৰত জাৰি কৰা হৈছে ১৪৪ ধাৰা

শনিবাৰে লখিমপুৰত ঈদ শান্তিপূৰ্ণভাৱে উদযাপন কৰাৰ বাবে জিলা দণ্ডাধীশে জাৰি কৰা হৈছে ১৪৪ ধাৰা (Section 144 has been imposed in Lakhimpur due to Eid Ul Fitr) । সমগ্ৰ লখিমপুৰ জিলাত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্য বিধিৰ ১৪৪ ধাৰা জাৰি কৰা হৈছে । জিলা দণ্ডাধীশ সুমিত সাত্তাৱানে জাৰি কৰা এই ১৪৪ ধাৰা অনুসৰি বহুকেইটা নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

লগতে পঢ়ক : Eid-Ul-Fitr 2023: ভাৰতত কেতিয়া পালন কৰা হ’ব ঈদ ? এই উৎসৱৰ গুৰুত্ব আৰু ইতিহাস জানি লওক

জিলা দণ্ডাধীশে জাৰি কৰা নিষেধাজ্ঞা অনুসৰি জিলা প্ৰশাসনৰ অনুমতি অবিহনে ৰাজহুৱা স্থান, ৰাষ্ট্ৰীয় ঘাইপথ আদিত পাঁচজনৰ অধিক লোক সমবেত হ’ব নোৱাৰিব ৷ লগতে ৰাজহুৱা স্থানত ডেগাৰ, দা, লাঠি আদি লৈ ফুৰাটো বাধা প্ৰদান কৰা হৈছে ৷ আনকি অনুমতি অবিহনে সভা, সমদল, ধৰ্ণা আদি কৰাৰ লগতে সাম্প্ৰদায়িক বিৰূপ মন্তব্যৰে শ্ল’গান দিয়া, পোষ্টাৰিং কৰা নাইবা কোনো কাৰ্যালয় বা ব্যক্তিক ঘেৰাও কৰা আদি কঠোৰভাৱে বাৰণ কৰা হৈছে ।

এই নিষেধাজ্ঞাসমূহ অমান্য কৰিলে ভাৰতীয় দণ্ড বিধি আইনৰ ১৮৮ ধাৰাত শাস্তি দিয়া হ’ব বুলিও জিলা দণ্ডাধীশৰ নিৰ্দেশনাটোত সতৰ্ক কৰি দিয়া হৈছে । ইফালে ঈদ উপলক্ষে বিভিন্ন দল, সংগঠন তথা ৰাইজে ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে (Eid ul fitr 2023 wishes)।

অন্যান্য দল সংগঠনৰ লগতে লখিমপুৰ সচেতন নাগৰিক সমাজেও ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি সকলোকে ভাতৃত্ববোধেৰ বান্ধ খোৱাৰ আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : Eid 2023 : ঈদৰ বজাৰত মূল্যবৃদ্ধিৰ প্ৰভাৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.