ETV Bharat / state

লখিমপুৰত চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনি ৰূপায়নৰ নামত দুৰ্নীতিৰ অভিযোগ - দুৰ্নীতি

চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনি ৰূপায়নৰ নামত এক ভয়ানক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে লখিমপুৰ জিলাৰ গোমনদী প্ৰাথমিক বিদ্যালয়ত । লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত থৌ থুৱনি পঞ্চায়তৰ ৫নং গোমনদী ৱাৰ্ডৰ ৪২৯ নং গোমনদী প্ৰাথমিত বিদ্যালয়ৰ কৰ্তৃপক্ষই উত্থাপন কৰিছে এই অভিযোগ ৷

school-corruption-in-lakhimpur
লখিমপুৰত চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনি ৰূপায়নৰ নামত দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Feb 3, 2021, 4:12 PM IST

Updated : Feb 3, 2021, 5:33 PM IST

লখিমপুৰ, 3 ফেব্ৰুৱাৰী : ৰাজ্য শিক্ষা ক্ষেত্ৰৰ আন্তগাঁঠনি উন্নয়নৰ স্বাৰ্থত গ্ৰহণ কৰা আঁচনিৰ নামত ৰাজ্য চৰকাৰে প্ৰায়ে কোটি কোটি টকা আৱন্তন দিয়া পৰিলক্ষিত হয় ৷ কিন্তু চৰকাৰে গ্ৰহণ এই আঁচনি সমূহে ৰাজ্য শিক্ষা ক্ষেত্ৰৰ আন্তগাঁঠনি শক্তিশালি কৰাত সফল হ'ব পাৰিছেনে ? কিয়নো বিগত সময়ত শিক্ষা বিভাগত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ বাতৰি ৰাজ্যৰ সংবাদ মধ্যমত প্ৰায়ে প্ৰকাশ পাই আছে ৷

এইবাৰ চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনি ৰূপায়নৰ নামত এক ভয়ানক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে লখিমপুৰ জিলাৰ গোমনদী প্ৰাথমিক বিদ্যালয়ত । লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত থৌ থুৱনি পঞ্চায়তৰ ৫নং গোমনদী ৱাৰ্ডৰ ৪২৯ নং গোমনদী প্ৰাথমিত বিদ্যালয়ৰ কৰ্তৃপক্ষই উত্থাপন কৰিছে এই অভিযোগ ৷

লখিমপুৰত চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনি ৰূপায়নৰ নামত দুৰ্নীতিৰ অভিযোগ

বিদ্যালয়খন কৰ্তৃপক্ষই উত্থাপন কৰা অভিযোগ অনুসৰি, আগন্তুক নিৰ্বাচনৰ ভোটকেন্দ্ৰ হিচাপে বিদ্যালয়খন মেৰামতি কৰিবৰ বাবে চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনি অধিনত ২.৫০ লাখ টকা অনুদান আগবঢ়োৱা হৈছিল ৷ কিন্তু বিদ্যালয়খন সেই পুঁজিৰে নতুনভাৱে মেৰামতি কৰা বিপৰীতে বিদ্যালয় নিৰ্মাণ সমিতিয়ে পূৰ্বৰ অনুপযোগী সামগ্ৰীকে ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে স্থানীয় লোকে ৷

তদুপৰি মেৰামতিৰ নামত এসপ্তাহৰ পূৰ্বে বিদ্যালয়ৰ গৃহৰ টিন-পাত খুলি দিয়াত শিক্ষকে শিক্ষা দান আৰু শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণত বহু পৰিমানে অসুবিধা সন্মুখিন হৈছে বুলি বিদ্যালয় কৰ্তৃপক্ষই সাংবাদিকক জানিবলৈ দিছে ৷ বিদ্যালয় কৰ্তৃপক্ষই জনোৱাৰ মতে 2 ফেব্ৰুৱাৰী পৰা আৰম্ভ হোৱা প্ৰাথমিক শিক্ষা বৰ্ষৰ কণ কণ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ উদং চালিৰ তলতে শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে । ইফালে অভিযোগৰ ভিত্তিত নিৰ্মাণ সমিতিয়ে বিদ্যালয় কৰ্তৃপক্ষৰ লগত বিদ্যালয়খন মেৰামতি কৰাৰ সন্দৰ্ভত কোনো আলোচনা কৰা নাছিল ৷

লগতে পঢ়ক: ৰাজ্যপালৰ স্বাক্ষৰৰ পিছতে অসমত বন্ধ হ'ল চৰকাৰী মাদ্ৰাছা

Last Updated : Feb 3, 2021, 5:33 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.