নাওবৈচা, 1 অক্টোবৰ: বৃহস্পতিবাৰে ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাই এসময়ত বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰা নাওবৈচা সমষ্টিৰ কলাখোৱাত উপস্থিত হয় বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা ৷ কলাখোৱাত উপস্থিত হৈ বৰাই বনৰীয়া ম’হৰ বাবে বিখ্যাত ৰাণী ভিক্টোৰিয়া যুগৰ বনাঞ্চল পাভৈৰ সাম্প্রতিক স্থিতিৰ ওপৰত তথ্য সংগ্ৰহ কৰে । সম্প্ৰতি পাভ বনাঞ্চলৰ শ-শ বিঘা ভূমি বেদখল কৰি সন্দেহজনক লোকে ঘৰ-বাৰী সাজি নিগাজীকৈ থাকিবলৈ লোৱা বিষয়ত ক্ষোভ প্ৰকাশ কৰি বনাঞ্চলখনত বনৰীয়া ম’হৰ সলনি মিঞাহে পোৱা যায় বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।
ইয়াৰ পাচতে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত নিৰ্বাচন সন্দৰ্ভত বৰাই কয় যে,‘‘সমাগত নিৰ্বাচনত তেওঁ প্ৰতিনিধত্ব নকৰে ৷ অৱশ্যে প্ৰয়োজন হ’লে হিন্দু সমাজৰ সুৰক্ষাৰ বাবে তেওঁ ৰাজনৈতিক পথাৰত প্ৰত্যক্ষভাৱে জড়িত হ’ব ৷ ‘কা’ আন্দোলনে অসমৰ প্ৰগতি আৰু উন্নয়নৰ মেৰুদণ্ড ভাঙি পেলাইছে’’ ৷
আনহাতে বাবৰি মছজিদ সন্দৰ্ভত বৰাই কয় যে,‘‘নিজৰ ঘৰ আন কোনোবাই বেদখল কৰাৰ পাচত তাক উদ্ধাৰৰ চেষ্টা কৰাটো কোনো অপৰাধ হ’ব নোৱাৰে ৷ ৰামৰ জন্মস্থানত ইছলামিক আগ্ৰাসন ৰোধ কৰাতো কেতিয়াও হিন্দুধৰ্মীয় লোকসকলৰ দোষ নহয়,এয়া আমাৰ কৰ্তব্য আৰু ইছলাম এটা ধৰ্ম নহয় ইছলাম ক্ষমতা দখল কৰাহে প্ৰক্ৰিয়া ৷ হিন্দুৱেই সনাতন,হিন্দুৱেই সত্য,হিন্দুৱেই শিৱ ৷
ঐতিহাসিক সমষ্টিটোত বৰ্তমান ইছলামিক আগ্ৰাসনৰ সন্দেহ প্ৰকাশ কৰি তেওঁ নাওবৈচাৰ হিন্দুসকলক ঐক্যবদ্ধ হ’বলৈ আহ্বান জনায় ৷ কেৱল চৰকাৰৰ মুখলৈ বাট চাই ৰ’লে ভৱিষ্যতে হিন্দু ধৰ্মীয় লোকসকলে লুঙি টুপী পিন্ধি দাঢ়ি ৰাখি শৰীৰৰ অংগ কাটি আল্লা হু আকবৰ ক’ব লাগিব বুলি বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই উল্লেখ কৰে ৷