ETV Bharat / state

চৰকাৰৰ হেমাহিত সংকটত পৰিছে সুলভ মূল্যৰ ব্যৱসায়ী

author img

By

Published : Jun 28, 2021, 10:53 PM IST

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বঞ্চনাৰ অভিযোগ উত্থাপন কৰি সংবাদ মেল সম্বোধন সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ ৷ সুলভ মূল্যৰ ব্যৱসায়ী সকলক চৰকাৰে 725 কোটি 91 লাখ 69 হেজাৰ 846 টকা আদায় কৰিবলৈ বাকী থকাৰ অভিযোগ সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ ৷

retailers-are-in-danger-over-government-negligence
চৰকাৰৰ হেমাহিত সংকটত পৰিছে সুলভ মূল্যৰ ব্যৱসায়ী

লখিমপুৰ, 28 জুন : ৰাজ্য চৰকাৰৰ অৱহেলাৰ বাবে এতিয়া গভীৰ সংকটত চৰকাৰী বিভিন্ন আঁচনিৰ জৰিয়তে চৰকাৰে ৰাইজলৈ আগবঢ়োৱা চাউল,তেল আদি সামগ্ৰী সমূহ ৰাইজৰ হাতত তুলি দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা সুলভ মূল্যৰ ব্যৱসায়ী সকল ৷ ৰাজ্য চৰকাৰে তেওঁলোকক দিব লগীয়া 725 কোটি 91 লাখ 69 হেজাৰ 846 টকা আজিও মোকোলাই নিদিয়াত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ব্যৱসায়ী সকলৰ মাজত ৷

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (NFSA) শিতানত 2015 বৰ্ষৰ ডিচেম্বৰৰ পৰা 2020 ৰ জুনলৈ কমিছনৰ 313 কোটি 85 লাখ 6 হেজাৰ 514 টকা চৰকাৰে ব্যৱসায়ী সকলক আদায় নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ এই সন্দৰ্ভত সোমবাৰে লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই ৷

উল্লেখ্য যে, নিয়মীয়া চাউল বিতৰণৰ ক্ষেত্ৰত 2020 ৰ জুলাইৰ পৰা 2021 ৰ জুনলৈ সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই পাব লগীয়া কমিছনৰ 232 কোটি 48 লাখ 19 হেজাৰ 640 টকা চৰকাৰে আদায় কৰা নাই ৷ ইয়াৰোপৰি প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনা (PMGAY) শিতানত 2020 ৰ এপ্ৰিলৰ পৰা নৱেম্বৰলৈ 8 মাহ আৰু 2021 ৰ মে, জুন এই দুমাহ ধৰি মুঠ 10 মাহৰ পাব লগীয়া 179 কোটি 58 লাখ 43 হেজাৰ 692 টকাও চৰকাৰে ব্যৱসায়ী সকলক আদায় কৰা নাই ৷ অৰ্থাৎ সূলভ মূল্যৰ ব্যৱসায়ী সকলক এই পৰ্যন্ত চৰকাৰে দিবলৈ বাকী আছে 725 কোটি 91 লাখ 69 হেজাৰ 846 টকা ৷ যাৰ বাবে তেওঁলোকে এতিয়া ব্যৱসায় চলোৱাটো এক সমস্যা হৈ পৰিছে ৷

উল্লেখ্য যে, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ আধাৰত ৰাজ্য খনৰ 2 কোটি 52 লাখ হিতাধিকাৰীক সুলভ মূল্যৰ ব্যৱসায়ী সকলে সামগ্ৰী যোগান ধৰি আহিছে ৷ কিন্তু তেওঁলোকে পাব লগীয়া প্ৰাপ্যৰ বাবে চৰকাৰে গুৰুত্ব দিয়া নাই ৷ যাৰ বাবে সোমবাৰে লখিমপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই চৰকাৰৰ এনে বঞ্চনাৰ বিৰুদ্ধে অভিযোগ তুলি তৎকালীনভাৱে তেওঁলোকৰ প্ৰাপ্য ধন আদায় দিয়াৰ দাবী জনাইছে ৷

সন্থাই অৱশ্যে চাউল বিতৰণৰ বাবদ চৰকাৰে পূৰ্বৰ 100.10 টকাৰ কমিছনৰ ঠাইত 143.00 কৰাৰৰ সিদ্ধান্ত লোৱাৰ বাবে বৰ্তমানৰ চৰকাৰ খনক শলাগ জনাইছে ৷ উক্ত সংবাদ মেলত উপস্থিত থাকে সন্থাৰ ৰাজ্যিক সমিতিৰ সভাপতি ধৰণীধৰ বৰা, সম্পাদক হৰি নাৰায়ণ দত্ত, মুখপাত্ৰ গুঞ্জন কুমাৰ বৰা, সদস্য ৰঞ্জন বৰা, দিগন্ত গগৈকে আদি কৰি সূলভ মূল্যৰ বহুকেইগৰাকী ব্যৱসায়ী ৷ উল্লেখ্য যে, সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ এই দাবীৰ প্ৰতি চৰকাৰে যথোচিত গুৰুত্ব নিদিলে সমগ্ৰ বিতৰণ ব্যবস্থাটোত আউল লগাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়কঃ এক লাখ নিযুক্তি : মুখ্য সচিবৰ নেতৃত্বত ক'ৰ কমিটি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.