ETV Bharat / state

Railway employees protest: লখিমপুৰত ৰে’লৱে মজদুৰ ইউনিয়নৰ অনশন ধর্মঘট - ৰে’লৱে মজদুৰ ইউনিয়নৰ অনশন ধর্মঘট

বুধবাৰে দেশজুৰি অনশন ধর্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ৰে’লৱে মজদুৰ ইউনিয়নে (Railway Mazdoor Union) । মজদুৰ ইউনিয়নৰ আহ্বান ক্ৰমে সামন্তৰালভাৱে লখিমপুৰ ৰে’লৱে ষ্টেচনতো অনশন ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে মজদুৰ ইউনিয়নৰ লখিমপুৰ শাখাই (Railway employees protest) ।

Railway employees in Lakhimpur stage protest demanding restoration of OPS
লখিমপুৰত ৰে’লৱে মজদুৰ ইউনিয়নৰ অনশন ধর্মঘট
author img

By

Published : Oct 12, 2022, 10:30 PM IST

লখিমপুৰ, ১২ অক্টোবৰ: বুধবাৰে দেশজুৰি অনশন ধর্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ৰে’লৱে মজদুৰ ইউনিয়নে (Railway Mazdoor Union) । মজদুৰ ইউনিয়নৰ আহ্বানক্ৰমে সামন্তৰালভাৱে লখিমপুৰ ৰে’লৱে ষ্টেচনতো অনশন ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে মজদুৰ ইউনিয়নৰ লখিমপুৰ শাখাই (Railway employees protest) ।

এন পি এছ ব্যবস্থা প্ৰত্যাহাৰ কৰা, অ পি এছ ব্যবস্থা বাহাল ৰখাৰ লগতে ৰে’লৱেক বেচৰকাৰী কৰণ কৰাৰ বিৰুদ্ধে উত্তৰ পূৱ সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ লখিমপুৰ শাখাৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে মজদুৰ ইউনিয়নে । কেন্দ্ৰীয় চৰকাৰ হুছিয়াৰ, আৱাজ দো, এক হো, দুনিয়া কা মজদুৰ এক হো, এন পি এছ চিষ্টেম বন্ধ কৰো আদি বিভিন্ন শ্ল’গান দি ইউনিয়নে লখিমপুৰ ৰে’লৱে ষ্টেচনটোৰ পৰিৱেশ উত্তাল কৰি তোলে (Demanding restoration of OPS) ।

প্ৰতিবাদকাৰী মজদুৰসকলে ২০০৪ চনৰ পৰা নিযুক্তি লাভ কৰা সকলৰ ক্ষেত্ৰত চৰকাৰে এন পি এছ ব্যৱস্থা গ্ৰহণ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে ৰে’লৱে মজদুৰ ইউনিয়নে ত্ৰিশ-পইত্ৰিশ বছৰ কাম কৰিও এইসকল কৰ্মচাৰীয়ে পেঞ্চন নোপোৱাৰ ফলত ক্ষোভিত হৈ পৰিছে (National Pension Scheme) ৷

ফলত তেওঁকে এদিনৰ বাবে মন্ত্ৰী-বিধায়ক হোৱা সকলে পেঞ্চন ভোগ কৰে ৷ কিন্তু মজদুৰ ইউনিয়নে ত্ৰিশ-পইত্ৰিশ বছৰ কাম কৰি কিয় পেঞ্চন নাপায় তাক প্ৰশ্ন কৰি প্ৰতিবাদকাৰীসকলে এই বৈষম্য দুৰ কৰি অ পি এছ ব্যবস্থা বাহাল ৰাখিবলৈ চৰকাৰক দাবী জনায় ।

লখিমপুৰত ৰে’লৱে মজদুৰ ইউনিয়নৰ অনশন ধর্মঘট

আনহাতে, ৰে’লৰ ভাড়া বৃদ্ধিৰ প্ৰসংগতো ইউনিয়নে ক্ষোভ প্ৰকাশ কৰে । অনাগত দিনত ভাড়া বৃদ্ধিৰ বাবে সাধাৰণ লোকে ৰে’লত ভ্ৰমণ কৰিব নোৱাৰিব বুলি উল্লেখ কৰি ৰে‘লৱেক বেচৰকাৰী কৰণ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ ৰাইজকো ওলাই অহাৰ আহ্বান জনায় মজদুৰ ইউনিয়নে ।

উল্লেখযোগ্য যে, ৰে'ল যাতায়তৰ সেৱাই হৈছে দেশৰ কোটি কোটি দুখীয়া শ্ৰেণীৰ লোকৰ বাবে আটাইতকৈ কম খৰচী সেৱা ৷ য'ত মাত্ৰ ১০ টকাতে প্ৰায় ৫০ কিলোমিটাৰ দূৰত্বৰ যাত্ৰা অতিক্ৰম কৰিব পাৰে একোজন যাত্ৰীয়ে । ইমানৰ পাছতো ৰে'লৱে খণ্ডক ব্যক্তিগত কোম্পানীৰ হাতত গটাই দিব ওলোৱা কাৰ্য এক দুৰ্ঘোৰ অন্যায় আৰু জনবিৰোধী নীতি বুলি অভিহিত কৰে ৰে’লৱে মজদুৰ ইউনিয়নে ।

ইউনিয়নৰ দাবী মানি নল’লে আগন্তুক সময়ত ইউনিয়নে ৰেল বন্ধ কৰি দিয়াৰ দৰে কঠোৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে ।

লগতে পঢ়ক: President Murmu visits Assam: মহানগৰীত বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.