ETV Bharat / state

পঞ্চায়তত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে ধলপুৰত জোঁৰ সমদল - ধলপুৰ পঞ্চায়ত দুৰ্নীতি

লক্ষিমপুৰৰ ধলপুৰ পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ পঞ্চায়তত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী জোঁৰ সমদল ৷ পঞ্চায়তত সংঘটিত দুৰ্নীতিৰ উপৰিও নতুন কৃষি আইনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন প্ৰতিবাদী ৰাইজৰ ৷

protest against alleged panchayat scam in dhalpur panchayat
পঞ্চায়তত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে ধলপুৰত জোঁৰ সমদল
author img

By

Published : Jan 11, 2021, 8:39 PM IST

বিহপুৰীয়া,11 জানুৱাৰী: পঞ্চায়তত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগেৰে লখিমপুৰৰ শতাধিক ৰাইজৰ অংশগ্ৰহণেৰে কংগ্ৰেছৰ উদ্যোগত এক প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰা হয় ৷ লখিমপুৰ জিলাৰ ধলপুৰ পঞ্চায়তত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগৰ লগতে জন বিৰোধী কৃষি আইন বাতিলৰ দাবীৰে শতাধিক প্ৰতিবাদী ৰাইজে বিক্ষোভ প্ৰদৰ্শন কৰে ৷

পঞ্চায়তত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী জোঁৰ সমদল

ধলপুৰ মণ্ডল কংগ্ৰেছৰ উদ্যোগত লগতে নাৰায়ণপুৰ ব্লক কংগ্ৰেছৰ সহযোগত এই প্ৰতিবাদ সাব্যস্ত হয় ৷ এই প্ৰতিবাদী সমদলত কংগ্ৰেছৰ শতাধিক নেতা কৰ্মীৰ লগতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক ভূপেন কুমাৰ বৰাই অংশগ্ৰহণ কৰে ৷

বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰদৰ্শন কৰি প্ৰতিবাদকাৰী সকলে বিজেপি গ' বেক,নৰেন্দ্ৰ মোডী হায় হায়,সৰ্বানন্দ সোণোৱাল গ' বেক,দেবানন্দ হাজৰিকা গ' বেক,পঞ্চায়তৰ দুৰ্নীতি বন্ধ কৰক,কৃষক বিৰোধী আইন বাতিল কৰক আদি বিভিন্ন শ্ল'গানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক:ৰাইজৰ দলৰে অসম জাতীয় পৰিষদৰ মিত্ৰতাৰ ইংগিত লুৰিণজ্যোতি গগৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.