ETV Bharat / state

Press Meet in Bihpuria College: বিহপুৰীয়া মহাবিদ্যালয়ত অব্যাহত উত্তেজনা; শিক্ষক গোটৰ সংবাদমেল - Press Meet in Bihpuria College

বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটৰ সংবাদমেল ৷ অধ্যক্ষ ড৹ অমূল্য কুমাৰ হাজৰিকাৰ অপসাৰণৰ লগতে চন্দিকা দত্তকোঁৱৰ নেতৃত্বাধীন মহাবিদ্যালয় পৰিচালনা সমিতিখনো শীঘ্ৰেই বাতিল কৰি এখন সুস্থ-সবল পৰিচালনা সমিতি গঠনৰ দাবী (Press Meet of Bihpuria College Teachers Unit) ৷

Press Meet of Bihpuria College Teachers Unit
বিহপুৰীয়া মহাবিদ্যালয়ত অব্যাহত আছে উত্তেজনা
author img

By

Published : Jun 8, 2023, 5:10 PM IST

বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটৰ সংবাদমেল

বিহপুৰীয়া, 8 জুন : বিহপুৰীয়াৰ ঐতিহ্যমণ্ডিত উচ্চশিক্ষানুষ্ঠান বিহপুৰীয়া মহাবিদ্যালয়ত আজিও অব্যাহত আছে উত্তেজনা ৷ বুধবাৰে মহাবিদ্যালয়খনত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পিছত আজি মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী সকলে এখন সংবাদমেল সম্বোধন কৰি অধ্যক্ষ ড৹ অমূল্য কুমাৰ হাজৰিকাৰ অপসাৰণৰ লগতে চন্দিকা দত্তকোঁৱৰ নেতৃত্বাধীন মহাবিদ্যালয় পৰিচালনা সমিতিখনো শীঘ্ৰেই বাতিল কৰি এখন সুস্থ-সবল পৰিচালনা সমিতি গঠন কৰি বিহপুৰীয়া মহাবিদ্যালয়ৰ পূৰ্বৰ গৰিমা অক্ষুন্ন ৰাখিবলৈ আহ্বান জনাই বিভাগীয় কৰ্তৃপক্ষৰ লগতে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপৰ দাবী জনাইছে (Press Meet of Bihpuria College Teachers Unit) ৷

উল্লেখ্য যে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ অমূল্য কুমাৰ হাজৰিকাৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰী, মহিলা অধ্যাপিকাক অশালীন আচৰণ, মহাবিদ্যালয়ৰ গুৰুত্বপূৰ্ণ তথ্য সম্বলিত কম্পিউটাৰ চুৰি, ড্ৰেচক'ড সন্দৰ্ভত অশালীন মন্তব্যকে ধৰি কেবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰি বিগত 25 দিন ধৰি মহাবিদ্যালয় চৌহদত অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে শিক্ষক-কৰ্মচাৰী সকলে (Press Meet in Bihpuria College) ৷ আনহাতে শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ অভিযোগ উত্থাপন কৰি মহাবিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে বুধবাৰে মূল তোৰণৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ ইয়াকে লৈ বুধবাৰৰ দিনটোত মহাবিদ্যালয় চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল (Protest against principal at Bihpuria College) ৷

মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ অমূল্য কুমাৰ হাজৰিকালৈ দুগৰাকী অধ্যাপকে চোঁচা লোৱাৰো অভিযোগ উত্থাপন কৰিছিল অধ্যক্ষগৰাকীয়ে ৷ অৱশেষত মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী সকলে বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি অধ্যক্ষগৰাকীক শীঘ্ৰেই অপসাৰণ আৰু মহাবিদ্যালয় পৰিচালনা সমিতিখন ভংগ কৰাৰ দাবী উত্থাপন কৰে ৷ অন্যথা আন্দোলন অব্যাহত ৰাখিব বুলিও হুংকাৰ দিয়ে মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীসকলে (Teachers Employees protest against principal) ৷

উল্লেখযোগ্য যে, বিগত 25 দিনে মহাবিদ্যালয়খনত শিক্ষক গোটে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী ৷ এই প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰিয়েই বুধবাৰে এক অবাঞ্ছিত পৰিৱেশৰ সৃষ্টি হয় মহাবিদ্যালয়খনৰ চৌহদত ৷ মহাবিদ্যালয়খনৰ শিক্ষক গোটে মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ অমূল্য কুমাৰ হাজৰিকাৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰি, মানসিক নিৰ্যাতন, মহাবিদ্যালয়ৰ গুৰুত্বপূৰ্ণ তথ্য থকা কম্পিউটাৰ চুৰিকে ধৰি কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি এলানি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে (Protest at Bihpuria College) ৷

লগতে পঢ়ক: Sensational incident in Guwahati: মহানগৰীত ৰেগিঙত বাধা দিয়া অভিভাৱকক প্ৰহাৰ গুৰুকুল গ্ৰামাৰ স্কুলৰ ছাত্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.