লখিমপুৰ, ২৩ মাৰ্চ : সম্প্ৰতি ধৰ্মান্তৰকণৰ প্ৰসংগই প্ৰায়েই বিতর্কৰ সূচনা কৰি আহিছে (controversy of conversion issue) । সহজ-সৰল লোকক প্ৰলোভিত কৰি ধৰ্মান্তৰকৰণ কৰা বুলি সঘনে বিতর্কৰ সূত্রপাত ঘটিছে । এনে সময়তে সংবিধানৰ ৩৪২ অনুচ্ছেদৰ ২এ দফাৰ সংশোধন বিচাৰিছে জনজাতি ধৰ্ম-সংস্কৃতি সুৰক্ষা মঞ্চই (section 2A of Article 342 of Constitution) । মঞ্চৰ অসম প্ৰদেশ সমিতিয়ে ইয়াকে লৈ অহা ২৬ মাৰ্চত গুৱাহাটীৰ খানাপাৰাত এক বিশাল জনজাতীয় গণ সমাবেশৰ আয়োজন কৰিছে (Tribal Religion Culture Protection Forum) ।
বুধবাৰে বিয়লি লখিমপুৰৰ বগীনদী প্ৰেছ ক্লাবত মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে আয়োজন কৰা এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে সংগঠনটোৱে । সংবাদমেলখনত মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ বিষয়ববীয়াসকলে কয়, জনজাতীয় ধৰ্ম-সংস্কৃতি সুৰক্ষা মঞ্চ কোনো আন ধৰ্মবিদ্বেষী অনুষ্ঠান নহয় । কেৱল জনজাতিসকলৰ ধৰ্ম, ভাষা, সংস্কৃতি ৰক্ষাৰ হকে কাম কৰা এটা অনুষ্ঠান । মঞ্চই ভাৰতীয় সংবিধানৰ ৩৪২ অনুচ্ছেদৰ ২এ দফাৰ সংশোধন বিচাৰিছে । কোনো জনজাতীয় লোক ধৰ্মান্তৰিত হ'লে তেওঁ জনজাতিৰ মৰ্যাদা হেৰুৱাব লাগে । জনজাতিৰ সা-সুবিধাৰ পৰা তেওঁ বঞ্চিত হ'ব লাগে ।
ধৰ্মান্তৰিত হোৱাৰ পিছত জনজাতীয় লোকে জনজাতিৰ সা-সুবিধা পাব নালাগে । মঞ্চৰ এয়া মূল দাবী বুলি উল্লেখ কৰি মঞ্চৰ বিষয়ববীয়াসকলে কয় যে ইয়াকে লৈ সৰ্বভাৰতীয় পৰ্যায়ত এক গণ আন্দোলনৰ সূচনা হৈছে । দেশজুৰি বিভিন্ন ৰাজ্যত কাম-কাজ আৰম্ভ হৈছে । অসমতো এনে ধৰণৰ কাম-কাজ ইতিমধ্যে আৰম্ভ কৰা হৈছে । এই লৈ অহা ২৬ মাৰ্চত গুৱাহাটীৰ খানাপাৰাত আয়োজন কৰা বিশাল জনজাতীয় গণ সমাবেশত সংবিধানৰ ৩৪২ অনুচ্ছেদৰ ২এ দফা সংশোধনৰ দাবী উত্থাপন হ'ব (massive mass rally of tribals at Khanapara) । এই দফাৰ সংশোধন হ'লে জনজাতীয় ধৰ্ম, ভাষা, সংস্কৃতি ৰক্ষাত সহায়ক হ'ব ।
এই সমাবেশলৈ লখিমপুৰ জিলাৰ ৯ টা উন্নয়ন খণ্ড এলেকাৰ পৰা ৪০ খন গাড়ীৰে ১৮০০ লোক এই সমাবেশলৈ ৰাওনা হ'ব বুলি সংবাদমেলত বিষয়ববীয়াসকলে কয় । সংবাদমেলখনত মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি মজিন সোণোৱাল, জিলা সম্পাদক পুস্কৰ পাৱে, বগীনদী ব্লকৰ সম্পাদক কমল বসুমতাৰী আদিয়ে অংশগ্রহণ কৰে ।
লগতে পঢ়ক :Assam tutor protest : চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে ক্ষোভ টিউটৰ শিক্ষকৰ