ETV Bharat / state

Assam Sahitya Sabha: আজিৰে পৰা আৰম্ভ হ’ব অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশন - নাৰায়ণপুৰ অধিবেশন

আজিৰে আৰম্ভ হ’ব অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিবেশন (Preparation completed for Assam Sahitya Sabha)। অধিবেশনত একেলগে দুই হাজাৰ লোকে আহাৰ গ্ৰহণ কৰিব পৰাকৈ ভোজনালয় সাজু কৰা হৈছে ৷

Preparation completed for Assam Sahitya Sabha Narayanpur Conference
অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিবেশন
author img

By

Published : Jan 31, 2023, 8:02 AM IST

Updated : Jan 31, 2023, 8:33 AM IST

অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিবেশন

বিহপুৰীয়া, 31 জানুৱাৰী: আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিবেশন । ইতিমধ্যে মণিকাঞ্চন ক্ষেত্ৰত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে । হাজাৰ হাজাৰ সাহিত্য অনুৰাগীক আদৰিবলৈ সাজু হৈছে নাৰায়ণপুৰ তথা বিহপুৰীয়া সমষ্টিবাসী (Asam Sahitya Sabha Narayanpur conference)।

অধিবেশনৰ বাবে নকৈ সজাই-পৰাই তোলা হৈছে সমগ্ৰ নাৰায়ণপুৰক ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আগমন হ’বলগীয়া অতিথিক আদৰিবলৈ সৰ্বতোপ্ৰকাৰে প্ৰস্তুতি চলাইছে আদৰণি সমিতিয়ে (Preparation completed for Assam Sahitya Sabha)৷ অতিথিসকল যাতে কোনো ক্ষেত্ৰতে অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিছে প্ৰতিখন উপ-সমিতিয়ে (Assam Sahitya Sabha Narayanpur) ৷

মূল মণ্ডপ, ভোজনালয়, মূল প্ৰৱেশদ্বাৰৰ তোৰণ, গ্ৰন্থ মেলা, বাণিজ্য মেলা, বিজ্ঞান আৰু ললিত কলাৰ বিপনীসমূহ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । প্ৰায় চাৰি হাজাৰ প্ৰতিনিধি একেলগে থাকিব পৰাকৈ নাৰায়ণপুৰৰ বিভিন্ন বিদ্যালয়ত প্ৰতিনিধি শিবিৰ সাজু কৰা তোলা হৈছে । সভাস্থলীৰ সমীপত প্ৰায় ৪০ হাজাৰ চাৰিচকীয়া বাহন পাৰ্কিং কৰিব পৰাকৈ বৃহৎ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক: Asam Sahitya Sabha conference : জাতীয়সত্তা বুকুত বান্ধি অসমী আইৰ উত্তৰণৰ বাবে সকলোৱে কাম কৰক; যাদৱ চন্দ্ৰ শৰ্মা

৬ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে অনুষ্ঠিত হ’ব লগা এই অধিৱেশনৰ ৭০০ পৃষ্ঠা জোৰা স্মৃতিগ্ৰন্থৰ কামো সম্পূৰ্ণ হৈছে । সোমবাৰে নিশাৰ ভিতৰতে বাকী থকা কাম-কাজ সমূহো সম্পূৰ্ণ কৰি তুলিছে ৷ অধিবেশনলৈ আহিব লগা অতিথি তথা প্ৰতিনিধি, অধিবেশনৰ বিভিন্ন দায়িত্বত থকা লোকসকল আৰু আদৰণি সমিতিৰ বিষয়ববীয়া সকলে আহাৰ গ্ৰহণ কৰিব পৰাকৈ দুটাকৈ ভোজনালয় গৃহ সাজু কৰিছে ৷

প্ৰত্যেকটো ভোজনালয়ত এহেজাৰকৈ সৰ্বমুঠ দুই হাজাৰ লোকে একেলগে আহাৰ গ্ৰহণ কৰিব পাৰিব বুলি অধিবেশনৰ আদৰণি সমিতিৰ খাদ্য উপ সমিতিয়ে জানিবলৈ দিয়ে ।

পুৱা জলপানৰ লগতে দুপৰীয়া আৰু ৰাতি দুয়োটা সাজতে ছয় হাজাৰ লোকে আহাৰ গ্ৰহণ কৰিব পৰাকৈ ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে বুলি জানিব দিয়ে অধিবেশনৰ আদৰণি সমিতিৰ খাদ্য উপ সমিতিয়ে । ভোজনালয় গৃহত থলুৱা খাদ্য সম্ভাৰৰ লগতে আমিষ আহাৰৰ ব্যৱস্থাও কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Asam Sahitya Sabha Conference : লক্ষ লক্ষ সাহিত্যানুৰাগীক আদৰিবলৈ সাজু নাৰায়ণপুৰ

Last Updated : Jan 31, 2023, 8:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.