ETV Bharat / state

Damaged ramp over Ranganadi embankment : ৰঙানদীৰ কোটি টকীয়া মথাউৰিত কেনেকৈ উঠিব ৰাইজ !

author img

By

Published : Jan 3, 2023, 4:43 PM IST

প্ৰায় ৩৬২ কোটি টকা ব্যয় সাপেক্ষে মথাউৰিত উঠিবলৈ সুচল পথ বা ৰেম্পৰ অভাৱ ৰাইজৰ । মেৰামতিৰ অভাৱত মথাউৰি সংযোগী পথবোৰ জহি-খহি গৈছে (Damaged ramp over Ranganadi embankment)। অতি শীঘ্ৰে পথবোৰ মেৰামতি কৰাৰ দাবী কোচ ৰাজবংশী সংগ্রাম সমিতিৰ ।

Damaged ramp over Ranganadi embankment
ৰঙানদীৰ কোটি টকীয়া মথাউৰিত উঠা পথৰ দুৰৱস্থা

লখিমপুৰ,৩ জানুৱাৰী : ৰাজ্য চৰকাৰে বাৰিষাৰ পূৰ্বে নৈৰ মথাউৰিসমূহ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছে । সেই অনুসৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মথাউৰিসমূহ মেৰামতিৰ লগতে নিৰ্মাণ আৰু আধুনিকীকৰণৰ কাম চলি আছে । লখিমপুৰ নগৰৰ ৰক্ষা কবচ স্বৰূপ ৰঙানদীৰ মথাউৰিটোও নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে ।

কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ পুঁজিৰে প্ৰায় ৩৬২ কোটি টকা ব্যয় সাপেক্ষে মথাউৰিটো নিৰ্মাণ কৰি তোলা হৈছে । বিদেশী প্ৰযুক্তিৰে বিগত বৰ্ষত মথাউৰিটো নিৰ্মাণ সম্পূর্ণ কৰা হয় । ইফালে পিছৰ পৰ্যায়ত মথাউৰিটো পথলৈও ৰূপান্তৰ কৰা হয় (River embankment on Ranganad river)। মথাউৰিটোৰ ওপৰত শিল-বালি দি পথ হিচাপে ব্যৱহাৰ কৰাৰো ব্যবস্থা লোৱা হয় । পিছে মথাউৰিটো পথলৈ পৰিৱৰ্তন কৰা হয় যদিও অঞ্চলটোৰ ৰাইজৰ সমস্যা শেষ নহ'ল ।

কিয়নো মথাউৰিটো সংযোগী পথসমূহৰ (ৰেম্প) দুৰৱস্থাই চিন্তিত কৰি তুলিছে ৰাইজক (Ranganadi river dam ramp damage)। মথাউৰিটোক যিমানখিনি পথে সংযোগ কৰিছে সেই পথসমূহৰ পৰা মথাউৰিটো লৈ উঠাৰ ক্ষেত্রত সমস্যাৰ সন্মুখীন হৈছে ৰাইজ ।

কিয়নো প্ৰায়বোৰ পথৰ পৰা মথাউৰিটো সংযোগ কৰা সৰু পথবোৰৰ এতিয়া বিধ্বস্ত অৱস্থা (Poor condition of ramp at Ranganadi Dam)। মথাউৰিটো নিৰ্মাণৰ সময়তে নিৰ্মাণ কৰা হৈছিল সেই পথ আৰু মথাউৰি সংযোগী উপপথবোৰ নিৰ্মাণ কৰা হৈছিল । সম্প্ৰতি উক্ত পথবোৰ জহি খহি বিধ্বস্ত ৰূপ লৈছে ।

মথাউৰিটো নিৰ্মাণ সম্পূর্ণ হোৱাৰ পাছতো সংযোগী উপ-পথবোৰ মেৰামতি কৰা নহ'ল । যাৰ বাবে সেই পথবোৰেৰে যান-বাহন চলাচল কৰাটো দূৰৰে কথা মথাউৰিত খোজকাঢ়িও উঠিব নোৱাৰে ৰাইজে । সেয়ে পথ তথা মথাউৰিটো সুন্দৰকৈ নিৰ্মাণ হ'লেও বিধ্বস্ত উপপথবোৰৰ বাবে ৰাইজ সমস্যাত পৰিব লগীয়া হৈছে ।

উল্লেখ্য যে লখিমপুৰ নগৰৰ সামান্য দূৰত্বতে আছে ৰঙানদী । তেনেস্থলত মথাউৰিলৈ যাবলৈ ৰাইজে বহু দূৰ ঘূৰিপকিহে যাবলগীয়া হৈছে । সেয়ে ৰাইজে ৰঙানদী মথাউৰি অথবা পথটো সংযোগী উপপথবোৰ ব্যৱহাৰৰ উপযোগী কৰি মেৰামতি বা পুনৰ নিৰ্মাণ কৰিবলৈ সংশ্লিষ্ট বিভাগক দাবী জনাইছে । বিভিন্ন দল-গঠনেও বিষয়টোত ক্ষোভ প্ৰকাশ কৰিছে ।

কোচ ৰাজবংশী সংগ্রাম সমিতিয়েও সংযোগী পথবোৰ মেৰামতি কৰিবলৈ দাবী জনাইছে । অন্যথা কোটি টকীয়া পথযুক্ত মথাউৰি নিৰ্মাণৰ কোনো যুক্তিয়ে নাথাকিব বুলি অভিযোগ কৰিছে সংগঠনটোৱে । মথাউৰিৰ ওপৰত পথ নিৰ্মাণৰ পদক্ষেপ আদৰণি জনাইছে যদিও মথাউৰিলৈ উঠা পথবোৰো অতি শীঘ্ৰে মেৰামতি কৰি যান-বাহন চলাচলৰ উপযোগী কৰিবলৈ দাবী জনাইছে কোচ ৰাজবংশী সংগ্রাম সমিতিয়ে ।

লগতে পঢ়ক :Protest at Sivasagar : শান্তি প্ৰতিষ্ঠাৰ দাবীত অকলেই প্ৰতিবাদত বহিল প্ৰাঞ্জল ৰাজগুৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.