ETV Bharat / state

লখিমপুৰৰ এজন দিব্যাংগ যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

author img

By

Published : Aug 7, 2020, 7:42 PM IST

সম্প্ৰতি সমগ্ৰ বিশ্বৰ প্ৰতি প্ৰান্ততে এনে শত-সহস্ৰ দিব্যাংগ যুৱক-যুৱতীয়ে দুৰ্বিসহ জীৱন যাপন কৰিবলগীয়া হৈছে । সমাজতে নহয় নিজৰ ঘৰখনতো কেতিয়াবা এলাগী হৈ ভাগ্যৰ বিড়ম্বনা বুলিয়েই জীৱন যন্ত্ৰণা সহ্য কৰিব লাগিছে বহু দিব্যাংগ লোকে ।

Physically challenged boy's story
লখিমপুৰৰ এজন দিব্যাংগ যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

নাওবৈচা, ৭ আগষ্ট: লখিমপুৰ জিলাৰ লালুকৰ সমীপৰ ঢেকীয়াজুলি আহোম গাৱঁৰ এজন যুৱক । নাম ৰুবুল ফুকন ৷ এই জন যুৱক বিশেষভাৱে সক্ষম হোৱাৰ পিছতো আন দহগৰাকী সক্ষম যুৱকৰ দৰেই জীৱন যুঁজত সফলতাৰে আগবাঢ়ি দেখুৱাইছে এক আদৰ্শ । বিশেষভাৱে সক্ষম হোৱাৰ পিছতো এটা হাতেৰে বিভিন্ন ধৰনৰ বাহঁ-বেতৰ প্ৰদৰ্শনীমূলক সামগ্ৰী প্ৰস্তুত কৰি অঞ্চলটোত এক আদর্শ হৈ থিয় দিছে ৷ কিন্তু এই সামগ্ৰীসমূহ বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত বৰ্তমান বাধাৰ সন্মুখীন হৈছে যুৱকজন । মন কৰিব লগীয়া যে, লকডাউনৰ ফলত প্ৰস্তুত কৰা সামগ্ৰীসমূহ বিক্ৰী কৰিব নোৱাৰাত আৰ্থিক ক্ষেত্ৰত দেখা দিছে ভীষণ সমস্যা ।

তথাপিও থমকি ৰোৱা নাই যুৱকজন । নিজৰ লোকচান হ'লেও সমাজৰ কাৰণে কিবা এটা কৰা যুৱকজনে বিদ্যালয়সমূহ বন্ধ হোৱাত ল’ৰা-ছোৱালী সমূহে খেলা-ধুলা কৰি সময় অপব্যয় কৰা দেখি গাঁৱৰে ভালেকেইজনক মাতি আনি নিজৰ ঘৰতে বাহঁ-বেতৰ হস্তনিৰ্মিত বিভিন্ন বস্তু তৈয়াৰ কৰা প্ৰশিক্ষণ দিয়া দেখা গৈছে।ইফালে ৰুবুলৰ পৰা এই শিক্ষা গ্ৰহণ কৰি ল'ৰা-ছোৱালী সকলো উপকৃত হৈছে বুলি জানিব পৰা গৈছে । সম্প্ৰতি সমগ্ৰ বিশ্বৰ প্ৰতি প্ৰান্ততে এনে শত-সহস্ৰ দিব্যাংগ যুৱক-যুৱতীয়ে দুৰ্বিসহ জীৱন-যাপন কৰিবলগীয়া হৈছে । সমাজতে নহয় নিজৰ ঘৰখনতো কেতিয়াবা এলাগী হৈ ভাগ্যৰ বিড়ম্বনা বুলিয়েই জীৱন যন্ত্ৰণা সহ্য কৰিব লাগিছে বহু দিব্যাংগ লোকে । এই জীয়া যন্ত্ৰণাৰ বিপৰীতে একান্ত অধ্যৱসায়ী, দৃঢ়প্ৰতিজ্ঞ, দুৰদৃষ্টিসম্পন্ন এচাম দিব্যাংগ জীয়াই থাকিবলৈ মনোনিবেশ কৰা ব্যতিক্ৰম কাৰ্য সচাঁকৈয়ে আদৰণীয়।

ৰুবুলৰ এনে কাৰ্যই নিশ্চয়কৈ আশাৰ বতৰা কঢ়িয়াইছে। দিব্যাংগ হৈও সক্ষমতাৰে জীৱন সজাবলৈ দৃঢ়তাৰে খোজ থোৱা ৰুবুলৰ এই আদৰ্শ আন আন দিব্যাংগৰ জীৱনৰ বাবেইও হওঁক অন্যতম নিদৰ্শন।

লগতে পঢৃক : লোমহৰ্ষক শিশু অপহৰণ আৰু হত্যাক কেন্দ্ৰ কৰি উত্তপ্ত শিলচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.