ETV Bharat / state

ৰাজ্যৰ মূগাপালক সকলৰ বাবে এটা সুখবৰ

ৰাসায়নিক সাৰ ব্যৱহাৰৰ ক্ষেত্ৰত নতুন আইন প্ৰণয়নৰ দিশে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ ৷

author img

By

Published : Jun 4, 2020, 7:08 PM IST

as_nlp_pesticide_act_7204036
as_nlp_pesticide_act_7204036

লখিমপুৰ , 3 জুনঃ বিগত বহু বছৰ ধৰি লখিমপুৰ জিলাৰ ঢকুৱাখনাস্থিত মুগা শিল্প সন্মুখীন হৈ আহিছে এক বৃহৎ প্ৰত্যাহ্বানৰ ৷ ঢকুৱুখনাস্থিত মূগা শিল্পৰ সমীপৱৰ্তী অঞ্চলসমূহত থকা চাহ বাগান আৰু ক্ষুদ্ৰ কৃষি ফাৰ্ম সমূহত বৃহৎ উৎপাদনৰ স্বাৰ্থত কৃষক সকলে ব্যৱহাৰ কৰে অত্যাধুনিক ৰাসায়নিক সাৰ,যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰি আহিছে মূগা উৎপাদনত ৷ কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতেই বলবৎ কৰিবলৈ আগবঢ়া এখন আইনে আশাৰ সঞ্চাৰ কৰিছে মূগা পালক তথা উৎপাদক সকলৰ মাজত ৷ Pesticides Management Bill 2017 বলবৎ হোৱাৰ পাচতেই আইনৰ আওতালৈ আহিব ৰাসায়নিক কীটনাশকৰ ব্যৱহাৰকাৰী, ক্ৰেতা,বিক্ৰেতাৰ লগতে প্ৰস্তুতকৰ্তা সকল ৷

ৰাজ্যৰ মূগাপালক সকলৰ বাবে এটা সুখবৰ

উৎপাদন বৃদ্ধি বা কীট পতংগ মাৰিবৰ বাবে কোনো ব্যক্তি বা ফাৰ্মে যধে মধে ব্যৱহাৰৰ কৰিব নোৱাৰিব ৰাসায়নিক কীটনাশক ৷ কোনো লোকে জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি অহা ৰাসায়নিক কীটনাশক অত্যাধিক পৰিমাণে ব্যৱহাৰ কৰিলে সন্মুখীন হ’ব লাগিব আইনী দণ্ডৰ ৷ এখন নিৰ্দিষ্ট বৰ্ডে তদাৰক কৰিব এই সকলো বিষয় ৷ ৰাজ্যৰ কৃষক সকলৰ লগতে মূগা পালক সকলৰ আশা ভাৰতবৰ্ষত প্ৰয়োগ হ’বলগীয়া এই আইনে সুৰক্ষিত কৰিব কৃষকসকলৰৰ ভৱিষ্যত,নতুনকৈ জীপাল কৰি পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখিব বিশ্বৰ চিনাকি ঢকুৱাখনাৰ মুগা শিল্পৰ ৷

লগতে পঢ়কঃ অন্ধ্ৰ চৰকাৰক ৰাজনৈতিক দলৰ ৰং আতৰোৱাৰ নিৰ্দেশ সৰ্ব্বোচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.