ETV Bharat / state

লখিমপুৰত নিৰ্মীয়মান ষ্টেডিয়ামৰ কাম বন্ধ কৰাৰ দাবী ৰাইজৰ - ১২০ কোটি টকাৰে নিৰ্মাণ কৰা লখিমপুৰৰ ষ্টেডিয়াম

লখিমপুৰত এখন নিৰ্মীয়মান ষ্টেডিয়ামক লৈ তীব্ৰ বিতৰ্ক ৷ নিৰ্মাণৰ পূৰ্বেই ষ্টেডিয়ামৰখনৰ কাম বন্ধ কৰাৰ দাবী স্থানীয় ৰাইজৰ ৷ কিন্তু কি কাৰণত ৰাইজে উত্থাপন কৰে এই দাবী সবিশেষ চাওঁক...

people-demand-to-stop-construction-of-stadium-in-lakhimpur
লখিমপুৰত নিৰ্মীয়মান ষ্টেডিয়ামৰ কাম বন্ধ কৰাৰ দাবী ৰাইজৰ
author img

By

Published : Feb 21, 2022, 2:31 PM IST

লখিমপুৰ,21 ফেব্ৰুৱাৰী : আগন্তুক 2024 চনত মুকলি কৰাৰ লক্ষ্যৰে পূৰ্ণ গতিত চলিছে লখিমপুৰৰ অনন্য এক সম্পদত পৰিণত হ'বলগীয়া এখন ষ্টেডিয়াম ৷ ১২০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই ষ্টেডিয়ামখন ৷ লখিমপুৰ নগৰৰ সমীপৰ নকাৰী মৌজাৰ চানমাৰিত ৬৬ বিঘা ভূমিত চলি আছে এই ষ্টেডিয়ামখনৰ নিৰ্মাণকাৰ্য । প্ৰথমাৱস্থাত ৩০ বিঘা মাটিত ৪৫ কোটি টকা ব্যয়ৰে ষ্টেডিয়ামখনৰ নিৰ্মাণকাৰ্য চলিছিল যদিও পৰৱৰ্তী সময়ত এখন পূৰ্ণাংগ ষ্টেডিয়াম নিৰ্মাণৰ বাবে আৰু ২১ বিঘা মাটি অধিগ্ৰহণ কৰা হয় আৰু নতুনকৈ ৭৫ কোটি টকাও আৱন্টন দিয়া হয় ।

লখিমপুৰত নিৰ্মীয়মান ষ্টেডিয়ামৰ কাম বন্ধ কৰাৰ দাবী ৰাইজৰ

সম্প্ৰতি এই ষ্টেডিয়ামখন নিৰ্মাণৰ ক্ষেত্ৰত ক্ষোভ প্ৰকাশ কৰিছে লখিমপুৰৰ নকাৰী মৌজাৰ চানমাৰিৰ একাংশ স্থানীয় লোকে(Lakhimpur people demand to stop construction of stadium) ৷ কিয়নো ষ্টেডিয়ামখনৰ বাবে সম্প্ৰসাৰণ কৰা এলেকাত আছিল এখন শ্মশান আৰু অন্য দিশে তিনিটা পৰিয়ালৰ ঘৰ-বাৰী । ষ্টেডিয়ামখনৰ চৌহদৰ ভিতৰত সোমাই পৰে প্ৰায় চাৰি বিঘা মাটিৰ এই শ্মশানখন । আনহাতে, প্ৰায় অৰ্ধ শতিকা ধৰি উক্ত এলেকাত একচনীয়া পট্টা লৈ বসবাস কৰি অহা তিনিটা পৰিয়ালৰ ঘৰ-বাৰীও ষ্টেডিয়ামখনৰ চৌহদৰ এলেকাৰ ভিতৰত সোমাই পৰে । যাৰ ফলত শৱদাহনৰ বাবে সমস্যাত পৰে অঞ্চলটোৰ স্থানীয় ৰাইজ ।

আনহাতে, ষ্টেডিয়ামখনৰ বাবে বৰ্তমান সংকটত পৰিছে উক্ত স্থানত বছৰ বছৰ ধৰি বসবাস কৰি অহা পৰিয়ালকেইটা । সম্প্ৰতি সেই স্থানৰ পৰা শ্মশানখন অন্য স্থানলৈ স্থানান্তৰিত কৰাৰ লগতে পৰিয়ালকেইটাক উচিত ক্ষতিপূৰণ দি পুনৰ সংস্থাপন দিবলৈ দাবী উত্থাপন কৰে যদিও এই ক্ষেত্ৰত চৰকাৰ বা প্ৰশাসনে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে(Lakhimpur people demand for proper compensation to families) । বৰ্তমান স্থানীয় ৰাইজৰ দাবী পূৰণ নকৰা পৰ্যন্ত ষ্টেডিয়ামখনৰ নিৰ্মাণকাৰ্য বন্ধ কৰি ৰাখক, অন্যথা প্ৰয়োজনত উক্ত ষ্টেডিয়ামখন ভাঙি লাগিব বুলি ক্ষোভ প্ৰকাশ কৰে ৰাইজে ৷

লগতে পঢ়ক : লখিমপুৰত তামিলনাড়ুৰ মূখ্যমন্ত্রীৰ পুত্তলিকা দাহ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.