নাওবৈচা, 21 জুলাই : 'কা' আইন বিৰোধী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত নাওবৈচাৰ বঙালমৰাত উত্তাল প্ৰতিবাদ । মঙলবাৰে বঙালমৰাত বৃহত্তৰ বঙালমৰাবাসী ৰাইজে অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ।
বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীৰ লগতে সৰ্বসাধৰণ ৰাইজ ৰাজপথত ওলাই আহি কৃষক নেতাজনৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰি তোলে । প্ৰতিবাদী জনতাই সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলা পৰিলক্ষিত হয় । আনহাতে শীঘ্ৰেই অখিল গগৈক মুক্তি নকিৰলে ভৱিষ্যতে এক ভয়ংকৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে ৷