বিহপুৰীয়া,9 জুন : সাংসদৰূপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমবাৰলৈ বিহপুৰীয়া সমষ্টিৰ ৰাইজৰ কাষত পল্লৱলোচন দাস ৷ বিহপুৰীয়াত উপস্থিত হৈ সাংসদগৰাকীয়ে আঁঠু লৈ সেৱা জনাই নাৰায়ণপুৰৰ শ্ৰীশ্ৰী ফুলনি থান ,নাহৰআতি থান আৰু মাধৱদেৱ জন্মস্থানত ৷ সাংসদগৰাকীয়ে চৰকাৰৰ অসম দৰ্শন আঁচনিৰ মাধ্যমেৰে সমষ্টিটোক উন্নয়নৰ পথত লৈ যোৱাৰ পৰিকল্পনাৰ বিষয়ে প্ৰকাশ কৰাৰ লগতে অতি সোনকালে মাধৱদেৱ কলাক্ষেত্ৰক পূৰ্ণাংগ ৰূপ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ বাৰ বৈষ্ণৱৰ জন্মস্থান নাৰায়ণপুৰৰ গুৰুসকলৰ পবিত্ৰ জন্মস্থানক পুনৰ নিৰ্মাণেৰে পৰ্যটনৰ ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ প্ৰয়াস কৰিব বুলিও প্ৰকাশ কৰে নৱনিৰ্বাচিত বিজেপিৰ সাংসদগৰাকীয়ে ৷
মাধৱদেৱ কলাক্ষেত্ৰক পূৰ্ণাংগ ৰূপ দিয়াৰ প্ৰতিশ্ৰুতি সাংসদ পল্লৱ লোচনৰ - সাংসদ
সাংসদগৰাকীয়ে চৰকাৰৰ অসম দৰ্শন আঁচনিৰ মাধ্যমেৰে সমষ্টিটোক উন্নয়নৰ পথত লৈ যোৱাৰ পৰিকল্পনাৰ বিষয়ে প্ৰকাশ কৰাৰ লগতে অতি সোনকালে মাধৱদেৱ কলাক্ষেত্ৰক পূৰ্ণাংগ ৰূপ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷