বিহপুৰীয়া, 14 আগষ্ট: বহিঃৰাজ্যত অসমৰ যুৱকৰ আকস্মিক মৃত্যুৰ ঘটনা নতুন নহয় ৷ পুনৰ বহিঃৰাজ্যত মৃত্যু হৈছে লখিমপুৰৰ এজন যুৱকৰ ৷ দেশজুৰি উদযাপিত হোৱা স্বাধীনতাৰ অমৃত মহোৎসৱৰ (Azadi Ka Amrit Mahotsav) আনন্দ উল্লাসৰ মাজতে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এজন যুৱকৰ বেংগালুৰুত ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাই সম্প্ৰতি ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (One Youth from Lakhimpur died in Bengaluru) ৷
মৃত যুৱকজনৰ নাম ত্ৰিদিপ কোঁৱৰ আছিল বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, নাৰায়ণপুৰৰ অশোক গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰফুল্ল কোঁৱৰ আৰু সুৰমাই কোঁৱৰৰ একমাত্ৰ পুত্ৰ ত্ৰিদিপ কোঁৱৰ বেংগালুৰুৰ এটা কোম্পানীত মেনেজাৰ হিচাপে কৰ্মৰত আছিল । ত্ৰিদিপ কোঁৱৰ থকা আৱাসৰ আৱাসীসকলে পৰিয়ালৰ লোকক জনোৱা অনুসৰি ফ্লেটৰ অষ্টম মহলাৰ পৰা পৰি ত্ৰিদিপ মৃত্যুমুখত পৰে ৷
পিছে পৰিয়ালৰ লোকে ত্ৰিদিপৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই ৷ কোনো অচিনাকী লোকে হত্যা কৰি পেলাই থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ৷ লগতে অত্যন্ত মেধাৱী ছাত্ৰজনৰ মৃত্যুৰ উচিত তদন্ত বিচাৰিছে দূৰ্ভগীয়া পৰিয়ালটোৱে৷ ইতিমধ্যে পৰিয়ালৰ লোক বেংগালুৰু অভিমুখে যাত্ৰা কৰিছে ।
সম্প্ৰতি পৰিয়ালটোৰ মাজত এক শোকাকূল পৰিবেশে বিৰাজ কৰিছে ৷
লগতে পঢ়ক: স্বাধীনতা দিৱসৰ ছেলফী পঠাওক আমালৈ