বিহপুৰীয়া, 5 জুনঃ অসম-অৰুণাচল সীমান্তৱৰ্তী বিষ্ণুপুৰত দুই অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনা ৷ চৰাই চিকাৰ কৰিবলৈ আহি বিষ্ণুপুৰ গাঁৱৰ যুৱকৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হয় নাবুম ৰেবিয়া আৰু তালু মাগ্ৰীয়া নামৰ দুই অৰুণাচলী যুৱক ৷ পাচত খণ্ডযুদ্ধই এনে পৰ্যায় পাই যে, দুই অৰুণাচলী যুৱকে এয়াৰ গানেৰে গুলীচালনা কৰিবলৈ আৰম্ভ কৰে ৷ য'ত গুলীচালনাত টংকেশ্বৰ বৰা নামৰ গাঁওখনৰ যুৱক এজন আহত হোৱাৰ লগতে বন্দুকৰ খুন্দাৰ আহত হয় ফণী ৰাজবংশী, ৰাজীৱ শইকীয়া আৰু কৃষ্ণ বৰা নামৰ তিনি যুৱক ৷ তাৰ পাচতে ৰাইজে অৰুণাচলী যুৱকদুজনক বন্দী কৰি আৰক্ষীক চমজাই দিয়ে ৷
পুনৰ অৰুণাচলী যুৱকৰ দাদাগিৰীঃ গুলীয়াই আহত কৰিলে অসমীয়া যুৱকক
চৰাই চিকাৰ কৰিবলৈ আহি নাৰায়ণপুৰৰ বিষ্ণুপুৰত গাঁৱৰ যুৱকৰে সৈতে খণ্ডযুদ্ধ দুই অৰুণাচলী যুৱকৰ ৷ এয়াৰ গানেৰে গুলীয়াই আহত কৰে টংকেশ্বৰ বৰা নামৰ এজন যুৱকক ৷