বিহপুৰীয়া, ৫ জুলাই :এতিয়া গৰম বন্ধৰ সময় । গৰম বন্ধ তথা বিদ্যালয় বন্ধৰ সময়তো বিদ্যায়তনিক দিশটোৰ লগতে ব্যস্ত থাকিবলগীয়া হয় কণকণ ছাত্ৰ-ছাত্ৰীসকল । তেনে গৰম বন্ধৰ সময়তে নাৰায়ণপুৰৰ এখন বিদ্যালয়ত যি পৰিৱেশ গঢ়ি তুলিছে, সেয়া দেখিলে যিকোনো লোক আপ্লুত হ'ব ৷ বিদ্যালয় বন্ধ যদিও তাতিবাহাৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল নিতৌ আহিছে বিদ্যালয়লৈ ৷ অৱশ্যে ইউনিফৰ্মৰ পৰিৱৰ্তে যাৰ-যেনেকৈ যি পৰিধান কৰিবলৈ মন যায়, সেইদৰেই আহিছে বিদ্যালয়খনলৈ ৷ ঠিক গৰমৰ বন্ধত মামা-মাহী-জেঠায়েকৰ ঘৰলৈ যোৱাৰ দৰেই ৷ যি সময়ত লখিমপুৰ জিলাৰ কেইবাখনো প্ৰথমিক বিদ্য়ালয়ত শিক্ষয়ত্ৰিৰ বিৰুদ্ধে আয়ুক্তই ব্য়ৱস্থা গ্ৰহণ কৰিছে সেই সময়ত গ্ৰহণ কৰা এই পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।
বিদ্যালয়খনলৈ আহি তেওঁলোক ব্যস্ত হৈ পৰিছে ছবি অঁকাত। তাৰ মাজে-মাজে গাইছে গীত বাঁহীৰ সুৰে-সুৰে ৷ আচলতে বিদ্যালখনৰ শিক্ষয়িত্ৰী লাভলী বৰাৰ তৎপৰাত গঢ় লৈ উঠিছে এনে পৰিৱেশ ৷ গৰম বন্ধৰ সময়খিনিত ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকল ব্যস্ত থাকে কৃষি পথাৰত ৷ সেই সময়খিনিত ছাত্ৰ-ছাত্ৰীসকলে যাতে ছবি অঁকাৰ লগতে গীতৰ প্ৰশিক্ষণ লাভ কৰি লাভান্বিত হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এক প্ৰশিক্ষণ শিৱিৰৰ অনুষ্ঠিত কৰা হৈছে বিদ্যালয়খনত ৷
ইয়াৰ বাবে নিজা খৰচত শিল্প মিঠুৰাজ বৰাক নিয়োজিত কৰোৱা হৈছে ৷ শিল্পীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক ছবি আঁকিবলৈ শিকোৱাৰ সমান্তৰালকৈ মিঠুৰাজ বৰাই বাঁহীত সুৰ তুলি এক অনন্য পৰিৱেশ গঢ়ি তুলিছে ৷ বাঁহীৰ সুৰৰ লগত শিক্ষয়িত্ৰী লাভলী বৰাও গীত গাই মনোমোহা পৰিৱেশটো সৃষ্টি কৰিছে ৷ মোবাইল ফোন, ইণ্টাৰনেটৰ পৃথিৱীখনৰ পৰা কিছু সময় আঁতৰাই কণকণ শিক্ষাৰ্থীসকলৰ ভৱিষ্যত সুনিপুণকৈ গঢ়াৰ স্বাৰ্থত তাতিবাহাৰ প্ৰাথমিক বিদ্যালয় কৰ্তৃপক্ষৰ এই পদক্ষেপৰ শলাগ লৈছে সকলোৱে ৷