নাওবৈচা, 10 নৱেম্বৰ : বিহপুৰীয়া-বান্দৰদেৱা আৰক্ষীৰ সফলতা ৷ লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱা আৰক্ষী চকীৰ অন্তৰ্গত ডিক্ৰং নদীৰ দলঙৰ তলত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এক ড্ৰাগছ সৰবৰাহকাৰীক ৷ গ্ৰেপ্তাৰ কৰা লোকজনৰ পৰা উদ্ধাৰ হৈছে লক্ষাধিক টকা মূল্যৰ হেৰ'ইন ৷

বিহপুৰীয়া আৰক্ষী থানাৰ আৰক্ষী পৰিদৰ্শক হিৰণ্য পাটৰ আৰু বান্দৰদেৱা আৰক্ষী চকীৰ আৰক্ষী বিষয়া মদন চন্দ্ৰ কলিতাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে সৰবৰাহকাৰী জনক গ্ৰেপ্তাৰ কৰে ৷ কমল পেগু নামৰ ড্ৰাগছ সৰবৰাহকাৰী জনৰ পৰা এশটা সন্দেহজনক হেৰ'ইনৰ কন্টেইনাৰ সহ দুটা ম'বাইল আৰু পাঁচশ সত্তৰ টকা নগদ ধন জব্দ কৰে ।

উল্লেখযোগ্য যে, সীমান্তৱৰ্তী বান্দৰদেৱাৰ পৰাই সমগ্ৰ লখিমপুৰ জিলাখনতে নিষিদ্ধ ড্ৰাগছৰ কলা ব্যৱসায় চলি আছে । লখিমপুৰ আৰক্ষীয়ে মাজে সময়ে দুই এজন ড্ৰাগছৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি আহিছে যদিও এই নিষিদ্ধ ব্যৱসায়টো উৎখাত কৰিব পৰা নাই ।
লগতে পঢ়ক : ডিফুৰ ৰাংছিনা ভৱনত বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং