ETV Bharat / state

লালুকত অনুষ্ঠিত হ'বলগীয়া অগপৰ বিশাল জনজাগৰণ সভাৰ প্ৰস্তুতি তুংগত - ৰাজনৈতিক দলসমূহ

মাজত মাথোঁ এটা দিন। লখিমপুৰৰ লালুকত অহা ২৪ নৱেম্বৰত অনুষ্ঠিত হ'ব অসম গণ পৰিষদৰ বিশাল জনজাগৰণ সভা। এই সভাতে নিৰ্বাচনী ৰণদুণ্ডুভি বজাবলৈ সাজু হৈছে অসম গণ পৰিষদ। বিশাল জনজাগৰণ সভাত অংশগ্ৰহণ কৰিব মন্ত্ৰী অতুল বৰা, কেশৱ মহন্তসহ দলৰ কেন্দ্ৰীয় শীৰ্ষ নেতৃত্বই। দিনে-নিশাই প্ৰস্তুতি চলিছে লালুকত।

লালুকত অগপৰ বিশাল জনজাগৰণ সভাৰ প্ৰস্তুতি তুংগত

author img

By

Published : Nov 22, 2020, 8:14 PM IST

নাওবৈচা, ২২ নৱেম্বৰ: ২০২১ৰ বিধানসভা নিৰ্বাচনক লৈ ৰণকৌশল যুগুত কৰাত ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দলসমূহ। আন ৰাজনৈতিক দলসমূহৰ লগতে অসম গণ পৰিষদেও শক্তি প্রদর্শনৰ লক্ষ্যৰে ব্যাপক ৰাজনৈতিক তৎপৰতা অৱলম্বন কৰিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিতো অগপই ২০২১ৰ নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি চলাইছে। অহা ২৪ নৱেম্বৰত লখিমপুৰৰ লালুকত অনুষ্ঠিত হ'বলগীয়া অসম গণ পৰিষদৰ বিশাল জনজাগৰণ সভাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। দিনে-ৰাতি একাকাৰ কৰি কাম কৰিছে দলীয় নেতা-কৰ্মীয়ে।

লালুকত অগপৰ বিশাল জনজাগৰণ সভাৰ প্ৰস্তুতি তুংগত
লালুকত অগপৰ বিশাল জনজাগৰণ সভাৰ প্ৰস্তুতি তুংগত

নিৰ্বাচনী ৰণশিঙা বজোৱাৰ উদ্দেশ্য আয়োজন কৰা উক্ত সভাত অংশগ্ৰহণ কৰিব দলৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা, যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। অগপৰ বিশাল জনজাগৰণ সভা অনুষ্ঠিত হ'ব নাওবৈচা সমষ্টিৰ কেন্দ্ৰ লালুকৰ গণ ভৱন প্ৰাংগণত। উক্ত সভাত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোঁহাই, ভোজপুৰী গীতৰ ৰাণী তথা ন-অগপ নেত্ৰী কল্পনা পাটোৱাৰী প্ৰমুখ্যে অগপৰ কেন্দ্ৰীয় নেতাসকল উপস্থিত থাকিব বুলি জনাইছে নাওবৈচা বিধান পৰিষদৰ নেতৃত্বই। আনহাতে, নাওবৈচা সমষ্টিৰ আসনখনক লৈ বিজেপি আৰু অগপৰ মাজত টনা-আজোৰা চলি থকাৰ সময়তে অহা ২৪ নৱেম্বৰত অগপই আয়োজন কৰা বিশাল জন জাগৰণ সভাই বিশেষ তাৎপৰ্য বহন কৰিছে।

উল্লেখ্য যে, নাওবৈচা সমষ্টিত দলটোৱে বিগত নিৰ্বাচনত দুবাৰকৈ জয়লাভ কৰি অঞ্চলিকতাবাদৰ ভেটি সুদৃঢ় কৰিছিল যদিও সমষ্টিটোত যোগ্য নেতৃত্বৰ অভাৱত দলটোৱে কিছু গণভিত্তি হেৰুৱাইছিল। অঞ্চলিকতাবাদত বিশ্বাসী সমষ্টিটোৰ বহু পুৰণি নেতা-কৰ্মীয়ে বৰ্তমান যুৱ নেতা জয়ন্ত খাউণ্ডক লৈ জনগোষ্ঠীয় আৰু সংখ্যালঘু বসতি প্ৰধান অঞ্চলসমূহত নিৰ্বাচনী সভা অনুষ্ঠিত কৰি দলটোক ৰাইজৰ প্রিয়ভাজন কৰি তোলাত উঠি-পৰি লাগিছে। সমাগত বিধানসভা নিৰ্বাচনত দলটোৰ পৰা যুৱ নেতা জয়ন্ত খাউণ্ডে সমষ্টিটোত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।

লগতে পঢ়ক:তৰুণ গগৈৰ আৰোগ্য কামনাৰে মাডাৰ বৃদ্ধাৱাসৰ প্ৰাৰ্থনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.