ETV Bharat / state

লখিমপুৰ প্ৰেছ ক্লাৱত ‘আলফাৰ কলংকিত অধ্যায়’ উন্মোচন

author img

By

Published : Dec 23, 2020, 3:05 PM IST

Updated : Dec 23, 2020, 4:19 PM IST

লখিমপুৰ প্ৰেছ ক্লাৱত বুধবাৰে আলফাৰ কলংকিত অধ্যায় নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয় ৷ 152 পৃষ্ঠা গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠাতে নিৰীহ অসমীয়াৰ ওপৰত চলোৱা নৃশংসতাৰ বৰ্ণনা কৰা হয় ৷ আলফাই নৃশংস ভাৱে হত্যা কৰা শ্বহীদ কুমুদ হাজৰিকাৰ মৃত্যু তিথিৰ দিনাই নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় এই গ্ৰন্থখন ৷

Nowboicha Book Inauguration Program
লখিমপুৰ প্ৰেছ ক্লাৱত আলফাৰ কলংকিত অধ্যায় গ্ৰন্থ উন্মোচন

নাওবৈচা, 23 ডিচেম্বৰ : লখিমপুৰ প্ৰেছ ক্লাৱত বুধবাৰে আলফাৰ কলংকিত অধ্যায় নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয় ৷ 152 পৃষ্ঠা গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠাতে নিৰীহ অসমীয়াৰ ওপৰত চলোৱা নৃশংসতাৰ বৰ্ণনা কৰা হয় ৷ আলফাই নৃশংস ভাৱে হত্যা কৰা শ্বহীদ কুমুদ হাজৰিকাৰ মৃত্যু তিথিৰ দিনাই নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় গ্ৰন্থখন ৷

উল্লেখ্য যে, সেই সময়ত নিৰিহৰ ওপৰত চলোৱা শাৰীৰিক-মানসিক অত্যাচাৰকে ধৰি ধনদাবীৰ প্ৰতিটো শিহৰণকাৰী বৰ্ণনাই আলফাৰ স্বৰূপ উদঙাইছে গ্ৰন্থখনত ৷ শ্বহীদ কুমুদ হাজৰিকাক হত্যা কৰা আলফা প্ৰফুল্ল বৰা ওৰফে ঢেকিয়াল ফুকনক কিন্তু বিজেপিৰ চৰকাৰৰ দ্বাৰা ৰঙা দলিছা পাৰি দিয়াৰ বৰ্ণনাও গ্ৰন্থখনত উল্লেখ কৰা হৈছে । একেদৰে, গ্ৰন্থখনত আলফাই কুমুদ হাজৰিকাক জিভা-কাণ কাটি পেটত নিমখ ভৰাই নৃশংস ভাৱে হত্যা কৰাৰ সবিশেষ বৰ্ণনাও কৰা হৈছে ।

লগতে পঢ়ক : জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন দাবী আক্ৰাছুৰ

বুধবাৰে উন্মোচন কৰা গ্ৰন্থখন মুক্তিযোদ্ধা তথা শতায়ু বৰ্ষৰে গৰকা ৰাধানন্দন বৰা আৰু শ্বহীদ কুমুদ হাজৰিকাৰ মাতৃ নিৰ্মলা হাজৰিকাই উন্মোচন কৰে ।

90 দশকৰ আলফাৰ কলংকিত অধ্যায়বোৰ প্রথমে সামাজিক মাধ্যমত আৰু বৰ্তমান কিতাপ আকাৰে প্ৰকাশ কৰি উলিয়াই আলফাৰ দ্বাৰা নিৰ্যাতনৰ সন্মুখীন হোৱা সৎ-সাহসী লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ শ্ৰীভূঞাৰ মহিলা ৰঞ্জু নেওগ হাজৰিকাই । 90 দশকৰ আলফাৰ বিত্ত সম্পাদক তথা উত্তৰ অসমৰ অপাৰেচন কমাণ্ডাৰ বৰ্তমান বিজেপিৰ ৰাজ্যিক কিষান মৰ্চাৰ সভাপতি প্ৰফুল্ল বৰা ওৰফে ঢেকিয়াল ফুকনে কেনেদৰে অসমীয়া নিৰীহ মানুহৰ ওপৰত অমানুষিক অত্যাচাৰ চলাইছিল, তাৰ ওপৰত বিস্ফোৰক মন্তব্য আগবঢ়ায় লেখিকা ৰঞ্জু নেওগ হাজৰিকাই ।

লগতে পঢ়ক : আহি আছে জুবিন গাৰ্গৰ"ৰাজনীতি"

Last Updated : Dec 23, 2020, 4:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.