ETV Bharat / state

নিৰ্বাচনক লৈ উৎফুল্লিত বৰ্ষীয়ান ৰাজনীতিবিদ প্ৰেমধৰ বৰা - nomination papers submitted in lakhimpur

নিৰ্বাচন বুলিলেই উৎফুল্লিত হৈ পৰে বৰ্ষীয়ান ৰাজনীতিবিদ প্ৰেমধৰ বৰা ৷ ইতিমধ্যে 11 বাৰ নিৰ্বাচন খেলা প্ৰেমধৰ বৰা সোমবাৰে দ্বাদশবাৰৰ বাবে দাখিল কৰে মনোনয়ন ৷

নিৰ্বাচনক লৈ উৎফুল্লিত বৰ্ষীয়ান ৰাজনীতিবিদ প্রেমধৰ বৰা

author img

By

Published : Mar 8, 2021, 10:21 PM IST

Updated : Mar 8, 2021, 10:47 PM IST

নাওবৈচা, 8 মাৰ্চঃ অসমৰ ৰাজনীতিৰ পিতামহ উত্তৰ পাৰৰ প্ৰেমধৰ বৰা । নিৰ্বাচন বুলিলেই উৎফুল্লিত হৈ পৰে প্ৰবীন ৰাজনৈতিক নেতাগৰাকী । অসম বিধান সভাত অভিলেখ সংখ্যক 11 বাৰ নিৰ্বাচন খেলা প্ৰেমধৰ বৰা সাজু হৈছে দ্বাদশবাৰৰ বাবেও । পূৰ্বৰ এঘাৰ বাৰ নিৰ্দলীয় হিচাপে ৰাইজৰ প্ৰাৰ্থী হোৱা প্ৰেমধৰ বৰাক এইবাৰো নালাগে কোনো দলৰ টিকট ।

নিৰ্বাচনক লৈ উৎফুল্লিত বৰ্ষীয়ান ৰাজনীতিবিদ প্রেমধৰ বৰা

প্ৰেমধৰ বৰাই কেৱল যে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে সেয়া নহয় । 1979 চনৰ তদানীন্তন যোগেন হাজৰিকাৰ মন্ত্ৰী সভাত শিক্ষামন্ত্ৰীৰ দায়িত্বত থকা প্ৰেমধৰ বৰাই সোমবাৰে দাখিল কৰে মনোনয়ন পত্ৰ । ৰাজ্যৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী প্ৰেমধৰ বৰাই 2001 চনত অসম বিধান সভাৰ প্ৰ'টেম অধ্যক্ষও আছিল । নিৰ্দলীয় হিচাপে জিকিও মন্ত্ৰীসভাত দ্বিতীয় স্থান লাভ কৰা প্ৰেমধৰ বৰা যথেষ্ট জনপ্ৰিয় বিহপুৰীয়া সমষ্টিত।

বাৰ বৈষ্ণৱৰ স্থানত এইবাৰ পুনৰ জয়লাভ কৰিব বুলি আত্মবিশ্বাসী হৈ আছে প্ৰেম বৰা । উল্লেখ্য যে, 1976, 1972, 1978, 2001 চনত নিৰ্দলীয় হিচাপেই বিহপুৰীয়া সমষ্টিৰ পৰা জয়লাভ কৰিছিল প্ৰেমধৰ বৰাই ।

লগতে পঢ়কঃ ৰাইজৰ দলৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ

Last Updated : Mar 8, 2021, 10:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.