নাওবৈচা, 8মাৰ্চঃ সোমবাৰৰ পৰা আৰম্ভ হৈছে আগন্তুক বিধানসভা নিৰ্বাচনৰ আনুষ্ঠানিক কোচকাৱাজ । উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যত ৷ তাৰ মাজতে লখিমপুৰ জিলাৰ তিনিটা বিধান সভা সমষ্টিৰ বাবে বিভিন্ন দলৰ ছয়জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।
বিহপুৰীয়া সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ হৈ ভূপেন বৰা, নিৰ্দলীয় হিচাপে প্ৰেমধৰ বৰা, নাওবৈচা সমষ্টিৰ অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে জয়ন্ত খাউণ্ড, লখিমপুৰ সমষ্টিৰ বাবে বিজেপিৰ মানৱ ডেকা, অগপৰ হৈ উৎপল দত্ত আৰু নিৰ্দলীয় হিচাপে নির্মল পায়েঙে উপায়ুক্ত কাৰ্য্যালয়ত সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰে । ইফালে এছইউ চিআই (SUCI)ৰ বিৰিঞ্চি পেগুৱেও লক্ষীমপুৰ সমষ্টিৰ বাবে দাখিল কৰিছে মনোনয়ন |
লগতে পঢ়কঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত চাবুৱাত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী সভা