ETV Bharat / state

লখিমপুৰত হৰিজন চাফাই কৰ্মীৰ সৈতে এসাঁজ খালে জনপ্ৰতিনিধি-আমোলাই - পৌৰ সভাৰ চৌহদত সম্প্ৰীতিৰ এসাঁজ

লখিমপুৰত হৰিজন চাফাই কৰ্মীৰ সৈতে সম্প্ৰীতিৰ এসাঁজ খালে সাংসদ, বিধায়ক আৰু উপায়ুক্তই (MP, MLA, DC enjoys lunch with horijon workers in Lakhimpur) । চাফাই কৰ্মীসকলৰ কৰ্মোদ্যম বৃদ্ধি কৰাৰ উপৰি তেওঁলোকক এনেদৰে এক সুকীয়া মৰ্যাদা দিয়াৰ প্ৰয়াস কৰাৰ উদ্দেশ্যে এই সম্প্ৰীতিৰ এসাঁজ আয়োজন কৰা হৈছে ৷

mp-mla-dc-enjoys-lunch-with-horijon-workers-in-lakhimpur
লখিমপুৰত হৰিজন চাফাই কৰ্মীৰ সৈতে এসাঁজ
author img

By

Published : May 4, 2022, 9:50 PM IST

লখিমপুৰ, 4 মে’: তথাকথিত একাংশ উচ্চ শিক্ষিত লোকে চাফাই কৰ্মচাৰীসকলক সততে হেয় জ্ঞান কৰাৰ অভিযোগ উত্থাপিত হয় । পিছে তেনে মনোভাৱ দূৰ কৰিবলৈ হৰিজন চাফাই কৰ্মচাৰীসকলৰ সৈতে বুধবাৰে বিয়লি এসাঁজ খালে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা আৰু উপায়ুক্ত সুমীত সাত্তাৱনে (MP, MLA, DC enjoys lunch with horijon workers in Lakhimpur) ৷

লখিমপুৰ পৌৰ সভাৰ চৌহদত আয়োজন কৰা এই সম্প্ৰীতিৰ এসাঁজত উপস্থিত থাকি বিধায়ক মানৱ ডেকাই কয় যে, চাফাই কৰ্মচাৰীসকলক সাধাৰণতে হেয় দৃষ্টিৰে চোৱা হয় ৷ সেয়ে তেওঁলোকৰ সৈতে এসাঁজ খাই তেওঁলোকৰ কৰ্মোদ্যম বৃদ্ধি কৰাৰ উপৰি তেওঁলোকক এনেদৰে এক সুকীয়া মৰ্যাদা দিয়াৰ প্ৰয়াস কৰা হৈছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ।

লখিমপুৰত হৰিজন চাফাই কৰ্মীৰ সৈতে এসাঁজ

সাংসদ প্ৰদান বৰুৱাই নৱগঠিত পৌৰসভাখনৰ সকলো স্তৰৰ কৰ্মচাৰীৰ উদ্যম বৃদ্ধিৰ বাবে সকলোৱে মিলি এসাঁজ খোৱা বুলি কয় । তেওঁ চাফাই কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা থকাৰ কথা উল্লেখ কৰি পৌৰ সভাখনৰ আয় বৃদ্ধিৰ হকে কাম কৰাৰ কথা কয় ।

লগতে আয় বৃদ্ধি হ’লে কৰ্মচাৰীৰ সমস্যা সমাধান কৰিব পৰা যাব বুলিও সাংসদগৰাকীয়ে মন্তব্য কৰে । এই সম্প্ৰীতিৰ এসাঁজত সাংসদ বিধায়ক উপায়ুক্তৰ উপৰি জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাকে ধৰি বিজেপি দলৰ ভালেমান বিষয়ববীয়ায়ো অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰী ড৹ হিমন্তৰ ঘৰত ড‘নাৰ মন্ত্ৰীসহ 7 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নৈশভোজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.