ETV Bharat / state

joining in BJP: লখিমপুৰত পাঁচ শতাধিক যুৱক-যুৱতীয়ে পিন্ধিলে গেৰুৱা বসন

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 4:42 PM IST

বুধবাৰে লখিমপুৰত পাঁচ শতাধিক যুৱক যুৱতীয়ে গেৰুৱা বসন পৰিধান কৰে । জিলা বিজেপিৰ কাৰ্যালয়ত বিধায়কৰ উপস্থিতিত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পাঁচ শতাধিক যুৱক-যুৱতী বিজেপিমুখী হয় ।

more than five hundred youths join bjp in lakhimpur
বিজেপিত যোগদান কাৰ্যসূচী
বিজেপিত যোগদান কাৰ্যসূচী

লখিমপুৰ, ১৫ নৱেম্বৰ : লখিমপুৰত গেৰুৱা বসন পিন্ধিলে পাঁচ শতাধিক যুৱক-যুৱতীয়ে । ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত লখিমপুৰত বুধবাৰে পাঁচ শতাধিক যুৱক-যুৱতীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে । জিলা বিজেপিৰ কাৰ্যালয়ত জনতা যুৱ মৰ্চাৰ ৰাজ্যিক নেতৃত্ব তথা বিধায়ক মানৱ ডেকাৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী সম্পন্ন হয় ৷

টিএমপিকেসহ বিভিন্ন দল-সংগঠনৰ পাঁচ শতাধিক যুৱক-যুৱতীয়ে এই অনুষ্ঠানত গেৰুৱা বসন পৰিধান কৰে । জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা, বিধায়ক মানৱ ডেকাই অনুষ্ঠানটোত ভাষণ দি নৱাগতসকলক আদৰণি জনাই তেওঁলোকৰ আগমনে বিজেপি দলক শক্তিশালী কৰি তুলিলে বুলি অভিহিত কৰাৰ লগতে কংগ্ৰেছ দলৰ সমালোচনাত মূখৰ হৈ পৰে ।

জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাই কয় বিজেপিলৈ জন সমৰ্থন দেখি নাইবা বিজেপি দললৈ নিতৌ আগমন দেখি শংকিত হৈ পৰা কংগ্ৰেছ দলে নাটক আৰম্ভ কৰিছে । তেওঁলোকে ৰাইজক দললৈ আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে । কিন্তু এজনো খিলঞ্জীয়া লোকে কংগ্ৰেছ দলত যোগদান নকৰে বুলি তেওঁ মন্তব্য কৰে । আনহাতে অনুষ্ঠানটোত ভাষণ দি বিধায়ক মানৱ ডেকাই কংগ্ৰেছৰ লগতে আজমল বাহিনীকো সমালোচনা কৰে । কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই হিন্দুৰ আৰাধ্য দেৱতাক অপমান কৰি এচাম বাংলাদেশী মূলৰ ভোটাৰক আকৰ্ষিত কৰি ৰাজ্য শাসন কৰাৰ সপোন দেখিছে । ৰাইজক দেখুৱাই আজমলৰ দলক গালি পৰাৰ নাটক কৰিছে ।

মানৱ ডেকাই উল্লেখ কৰে যে, আঢ়ৈ বছৰৰ পূৰ্বে আজমলক লগত লৈ নিৰ্বাচনত নামিছিল ভূপেন বৰা । জিকা হ’লে আজমল অসমৰ গৃহমন্ত্ৰী হ’লহেতেন বুলি কটাক্ষ কৰে মানৱ ডেকাই । ভূপেন বৰাই ইচ্ছাকৃতভাৱে জাতি-জনগোষ্ঠীৰ সংস্কৃতিক অপমান কৰা বুলি উল্লেখ কৰি তেওঁ এনে কাৰ্যৰে খিলঞ্জীয়াৰ মনোবল হ্ৰাস কৰাৰ প্ৰয়াস কৰা বুলিও কয় বিধায়ক মানৱ ডেকাই । অনুষ্ঠানটোত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাৰ্থ অংকুৰ বৰুৱা, সম্পাদক ত্ৰিদিপজ্যোতি মৰাণ, জিলা প্ৰভাৰী বিশ্বজিৎ খাউণ্ড, জিলা সভাপতি পীযুষ বৰুৱায়ো অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : Plantation Programme: লখিমপুৰত গছপুলি ৰোপণৰ নামত লাখ লাখ চৰকাৰী ধনৰ শৰাধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.