ETV Bharat / state

পৌৰ নিৰ্বাচনৰ পাচত ৰাজ্যৰ চহৰসমূহত আহিব নতুনত্ব : বিধায়ক মানৱ ডেকা

author img

By

Published : Mar 1, 2022, 8:47 AM IST

‘‘পৌৰ নিৰ্বাচন (Municipal Election 2022) ৰ পাচতে ৰাজ্যৰ চহৰসমূহত হ’ব আমোল পৰিৱৰ্তন ৷ লখিমপুৰৰ পৌৰসভাৰ এলেকাত চাইকেল ট্ৰেক, বটানিকেল গাৰ্ডেন, জ্যেষ্ঠসকলৰ বাবে উদ্যান আদিৰ ব্যৱস্থা কৰিব বিজেপি চৰকাৰে’’ - ভোটাৰক উদ্দেশ্যি এই মন্তব্য বিধায়ক মানৱ ডেকাৰ ৷

Municipal Election 2022
লখিমপুৰত উন্মোচন বিজেপিৰ সংকল্প পত্ৰ

লখিমপুৰ, 1 মাৰ্চ : ‘‘পৌৰ নিৰ্বাচন (Municipal Election 2022) ৰ পাচত ৰাজ্যখনৰ সকলো চহৰতে আহিব নতুনত্ব । ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ সমান্তৰালকৈ লখিমপুৰত হ’ব বিভিন্ন উন্নয়নমূলক কাম’’- ভোটাৰক উদ্দেশ্যি এই মন্তব্য বিধায়ক মানৱ ডেকাৰ ৷

পৌৰ নিৰ্বাচনৰ পাচত ৰাজ্যৰ চহৰত আহিব নতুনত্ব : মানৱ ডেকা

সোমবাৰে লখিমপুৰত উন্মোচন কৰা হয় বিজেপিৰ সংকল্প পত্ৰ (BJP's resolution letter released in Lakhimpur) ৷ বিজেপিৰ এই সংকল্প পত্ৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিধায়ক মানৱ ডেকাই ৷ বিজেপিৰ এই সভাত উপস্থিত থাকে ৰাজ্যিক উপ সভাপতি অশোক কুমাৰ ভট্টৰায়, জিলা সভাপতি ফণীধৰ বৰুৱা আৰু কেইবাগৰাকীও দলীয় কৰ্মী ।

জিলা বিজেপিৰ সামগ্ৰীক উন্নয়নৰ ৰূপৰেখা, নতুন প্ৰতিশ্ৰুতিৰে ভৰা বিজেপিৰ এই সংকল্প পত্ৰখন উন্মোচন কৰি তুলি দিয়া হয় দলীয় কৰ্মীৰ হাতত ।

Municipal Election 2022
লখিমপুৰত উন্মোচন বিজেপিৰ সংকল্প পত্ৰ

সোমবাৰে দলীয় এই অনুষ্ঠানটো অংশ গ্ৰহণ কৰি সমাগত পৌৰ নিৰ্বাচনত নব্বৈ শতাংশ বিজয়ৰ ঘোষণা কৰে বিধায়ক মানৱ ডেকাই । আনকি ৰাজ্যৰ ভিতৰতে লখিমপুৰ চহৰতে কেৱল চলিড ৱেষ্ট মেনেজমেণ্ট প্ৰক্ৰিয়াৰ কাম-কাজ সূচাৰুৰূপে সম্পাদন কৰা হৈছে ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য বিধায়কগৰাকীৰ ৷

লগতে তেওঁ কয় যে, পৌৰ নিৰ্বাচনৰ পাচতে ৰাজ্যৰ সকলো চহৰতে আহিব নতুনত্ব (MLA Manab Deka says Innovation to come to state cities after municipal elections) ৷ বৃহৎ বৃহৎ মহানগৰৰ দৰে লখিমপুৰৰ পৌৰসভাৰ এলেকাত চাইকেল ট্ৰেক, বটানিকেল গাৰ্ডেন, জ্যেষ্ঠসকলৰ বাবে উদ্যান আদিৰ ব্যৱস্থা কৰাৰ কথাও ঘোষণা কৰে বিধায়কগৰাকীয়ে ৷ আনকি লখিমপুৰ পৌৰসভাৰ দুটা ৱাৰ্ডত বিৰোধীৰে তুমুল যুঁজ হোৱাৰ বিপৰীতে আন ৱাৰ্ডসমূহত বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিজয় হ’ব বুলি দাবী কৰে বিধায়ক মানৱ ডেকাই ৷

লগতে পঢ়ক : শিৱসাগৰত উদযাপন মহা শিৱৰাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.