বিহপুৰীয়া, 28 জুন: নেৰানেপেৰা বৰষুণৰ ফলত অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা বৈ অহা নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ কুৰিখনতকৈও অধিক গাঁও । ফলত বানত ককবকাইছে হাজাৰ হাজাৰ লোকে (Flood at Narayanpur)।
তিনিখনকৈ নৈৰ বাঢ়নী পানীত জলমগ্ন হৈছে চেঁচা, মাঘনোৱা, নটগাঁও আঠানিবাৰী, লক্ষীপুৰ, যমনগৰ, কাঠনিগাঁও, পিচলাপাৰ, তাতিবাহাৰ, জয়পুৰ, শান্তিপুৰ, ভোগপুৰ, লংকাপুৰ, পিছলা দেউৰী গাঁও, কথাজান, ঠাকুৰদলনী, শিঙিয়া, কল্যাণপুৰ, শিমলুগুৰি, ৰঙাজান, ফুটাভোগ, ৰূপতলি আদি গাঁও । কেইবাখনো বিদ্যালয়ৰ অৰ্ধাংশ বুৰাই পেলাইছে তিনিওখন নৈৰ বাঢ়নী পানীয়ে ।
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পিছলাগুৰি-ৰঙতি সংযোগী গড়কাপ্তানী পথৰ মাঘনোৱাত আৰু য'খৰীয়া-ৰঙতি সংযোগী গড়কাপ্তানী পথৰ আঠানিবাৰীত পথৰ ওপৰেৰে পানী বাগৰাৰ ফলত দুয়োটা পথেৰেই বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা । ইফালে মঙলবাৰে এই অঞ্চলসমূহৰ বনাক্ৰান্তৰ কাষত স্থানীয় বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা উপস্থিত হৈ অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িতসকলৰ সমস্যাৰ বুজ লয় ৷
বান সমস্যাৰ বুজ লৈ বিধায়কগৰাকীয়ে সমষ্টিটোৰ কেইবাটাও স্থানত অস্থায়ী বান শিবিৰ স্থাপনৰ বাবে ব্যৱস্থা চলাই থকা হৈছে বুলি সংবাদ মাধ্যমক অৱগত কৰে ।
উল্লেখ্য যে, বানপীড়িত এলেকাসমূত সম্প্ৰতি পশুধনৰ খাদ্য আৰু বাসস্থানৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ৷ কৃষকসকলে বহু হেক্টৰ কৃষিভূমিত ৰোপন কৰা শালিখেতিৰ কঠিয়াৰ লগতে কঠিয়াতলীসমূহো বাঢ়নী পানীয়ে অনিষ্ট সাধন কৰাত মূৰে-কপালে হৈত দিছে কৃষকসকলে ।
আনহাতে নেৰানেপেৰা বৰষুণৰ ফলত সম্প্ৰতি কৃত্ৰিম বানত বুৰ গৈছে লখিমপুৰ জিলাৰ বিহপুৰীয়া পৌৰসভাৰ অন্তৰ্গত ৫ টাকৈ ৱাৰ্ড (Flood at Bihpuria)। বিহপুৰীয়া নগৰৰ ১, ২, ৩, ৯ আৰু ১০ নং ৱাৰ্ড সম্প্ৰতি ডুব গৈছে পানীৰ তলত । ৱাৰ্ডকেইটা কৃত্ৰিম বানত বুৰ যোৱাৰ ফলত এশ-এবুৰি সমস্যাৰ সন্মূখীন হৈছে নগৰবাসী । বিহপুৰীয়াৰ উক্ত 5 টা ৱাৰ্ডৰ বান পৰিস্থিতিও পৰ্যবেক্ষণ কৰে বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই (MLA Amiya Kumar Bhuyan)৷
একাংশ স্থানীয় বাসিন্দাই যধে-মধে ঘৰ আদি নিৰ্মাণ কৰা, পৌৰসভাই বিজ্ঞানসন্মতভাৱে নলা-নৰ্দমা নিৰ্মাণ নকৰাৰ ফলতে বছৰ বছৰ ধৰি এই বানৰ সমস্যাৰ সৃষ্টি হৈ আহিছে বুলি সচেতন লোকে মন্তব্য কৰিছে ।
লগতে পঢ়ক: Assam flood : বানাক্ৰান্তক উদ্ধাৰৰ বাবে ক্ৰয় কৰা হ'ব ৫০খন অত্যাধুনিক নাও