ETV Bharat / state

সোৱণশিৰিৰ পাৰত হাতে হাতে জোঁৰ লৈ প্ৰতিবাদ

author img

By

Published : Aug 27, 2019, 10:40 PM IST

Updated : Aug 27, 2019, 11:16 PM IST

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে সমৰ্থন দিয়াৰ পাছতেই মিচিং জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ ৷ সোৱণশিৰি আৰু জোনাইৰ চিয়াং লালী নদীৰ পাৰত জোঁৰ সমদলেৰে প্ৰতিবাদ ৷

সোৱণশিৰিৰ পাৰত হাতে হাতে জোঁৰ লৈ প্ৰতিবাদ

লখিমপুৰ,জোনাই, 27 আগষ্টঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে সমৰ্থন দিয়াৰ পাছতেই মিচিং জনগোষ্ঠীয় তিনি সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ উদ্যোগত মঙলবাৰে ক্ৰমে লখিমপুৰ জিলাৰ সোৱণশিৰিৰ পাৰত আৰু জোনাইৰ চিয়াং লালী নদীৰ পাৰত জোঁৰ সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠন কেইটাই ৷ এই প্ৰতিবাদৰ জৰিয়তে সংগঠন কেইটাই বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰাৰ লগতে নামনি অংশত বসবাস কৰা লোকসকলৰ জীৱন আৰু অঞ্চলটোৰ জৈৱ বৈচিত্ৰ সুৰক্ষাৰ ব্যৱস্থা নকৰা পৰ্যন্ত বৃহৎ নদীবান্ধৰ নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰ দাবী উত্থাপন কৰে ৷

Intro:কোনো।কাৰণতে হবলৈ দিয়া নহব নামণি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ কাম। সোৱণশিৰীৰ পাৰত হাতে হাতে জোৰ লৈ প্ৰতিবাদ ত নামিল মিছিং সংগঠনৰ লগতে হাজাৰ হাজাৰ নৈ পৰিয়া ।

Body:মিছিং সংগঠণ TMPK,MMK , TMMk ৰ আহ্বান ত সোৱণশিৰীৰ পাৰত এক গোট হল হাজাৰ হাজাৰ।লোক। হাতে।হাতে জোৰ লৈ সকলোৱে ঠিয় দিলে বৃহৎ নদীবান্ধ ৰ বিৰুদ্ধে। কোনো কাৰণতে নদীবান্ধ হবলৈ দিয়া নহব বুলি সোৱণশিৰী পাৰ উত্তাল কৰিলে সহশ্ৰাধীক লোকে।

Conclusion:মিছিং সংগঠণৰ হুংকাৰ কেন্দীয় চৰকাৰ ৰাজ্য চৰকাৰে নদীবান্ধৰ সপক্ষে মত দিলেও বিপক্ষে থিয় হব নৈ পৰিয়া জনতা। কোনো কাৰণত হবলৈ।দিয়া নহব বৃহৎ নদীবান্ধ ৰ উৎপাদন কাৰ্য্য।
Last Updated : Aug 27, 2019, 11:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.