ETV Bharat / state

মণিকূটৰ ভিতৰত নামঘৰীয়াৰ কামনাৰ বলি কিশোৰী

author img

By

Published : Jul 19, 2021, 4:09 PM IST

Updated : Jul 19, 2021, 7:58 PM IST

ৰাজ্যত আকৌ নাবালিকা ধৰ্ষণ কাণ্ড ৷ মৰিগাঁৱৰ পাঠাৰ পাচত এইবাৰ নাওবৈচাৰ নামঘৰীয়াই চলালে নাবালিকাক যৌন নিৰ্যাতন ৷ সত্তৰোৰ্ধৰ বৃদ্ধৰ এই কাৰ্যত হতবাক সকলো ৷

minor girl raped
যৌন নিৰ্যাতন

নাওবৈচা, 19 জুলাই : আন এক কিশোৰী ধৰ্ষণৰ ঘটনাই কঁপাইছে ৰাজ্য ৷ এগৰাকী সত্তৰোৰ্ধৰ বৃদ্ধৰ কামনাৰ বলি হৈছে এগৰাকী 11 বছৰীয়া কিশোৰী ৷ নামঘৰৰ মণিকূটত এই অসৎ কাৰ্য সংঘটিত বৃদ্ধগৰাকীয়ে ৷

লখিমপুৰ জিলাৰ নাওবৈচা আৰক্ষী চকীৰ অন্তৰ্গত গেন্ধালীৰ লথৌপথাৰত যোৱা 14 জুলাইত সংঘটিত হোৱা এই ঘটনাটো পলমকৈ হে পোহৰলৈ আহে ৷ সেইদিনা সন্ধিয়া স্থানীয় নামঘৰৰ কাষত এৰাল দি থোৱা ছাগলী আনিবলৈ গৈছিল কিশোৰী গৰাকী ৷ তেনে সময়তে নামঘৰত সন্ধিয়াৰ বন্তি জ্বলাবলৈ আহে বৃদ্ধ নামঘৰীয়া গৰাকী ৷

তাৰ পাচতেই সংঘটিত হয় এই ভয়ংকৰ ঘটনা ৷ নাঘৰীয়া গৰাকীয়ে ফুচুলনি দি কিশোৰী গৰাকীক লৈ যায় নামঘৰৰ মণিকূটলৈ ৷ তাতেই কিশোৰীগৰাকীৰ সৈতে অসৎ কামনা চৰিতাৰ্থ কৰে বৃ্দ্ধজনে ৷

ৰাজ্যত আকৌ নাবালিকা ধৰ্ষণ কাণ্ড

কিন্তু স্থানীয় লোকে অসংযত অৱস্থাত মণিকূটৰ ভিতৰতে উদ্ধাৰ কৰে দুয়োকে । গাঁৱৰ একাংশ লোকে নামঘৰত সভা বহুৱাই ঘটনাটো মীমাংসাৰ চেষ্টা চলায় যদিও কোনো মীমাংসা নহয় । অৱশেষত দেওবাৰে নিশা কণমানিজনীৰ মাতৃৰ এজাহাৰৰ ভিত্তিত নামঘৰীয়াজনক গ্ৰেপ্তাৰ কৰে নাওবৈচা আৰক্ষীয়ে ৷

অভিযুক্ত নামঘৰীয়াক নাওবৈচা আৰক্ষীয়ে দেওবাৰৰ নিশাই উত্তৰ লখিমপুৰ সদৰ থানালৈ প্ৰেৰণ কৰে । ঘটনাৰ সন্দৰ্ভত নাওবৈচাৰ আৰক্ষীয়ে ভুক্তভোগীৰ সাক্ষ্য গ্ৰহণ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ পূৰ্বেও কেইবাবাৰো নামঘৰীয়াই কণমানিজনীক ফুচুলাই ভয়-ভাবুকিৰে বলাৎকাৰ কৰাৰ অভিযোগ তুলিছে কণমানিজনীৰ পৰিয়ালে । পবিত্ৰ নামঘৰত এনে নিৰ্লজ্জ কাণ্ড সংঘটিত কৰাক লৈ সমগ্ৰ নাওবৈচাতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : মৰিগাঁও ধৰ্ষণ কাণ্ড : ফৰেনচিক ৰিপ’ৰ্টত প্ৰমাণিত পাঠাৰ DNA

Last Updated : Jul 19, 2021, 7:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.